অংক~অণুগল্প-হিমাশ্ৰী বৰা

চহৰত চাকৰি কৰা চেনাইধনলৈ সেউতীয়ে হেঁপাহেৰে বোৱা বিহুৱান খনৰ অংকটো দীঘে-বাণিয়ে মিলি চকুত লগা হৈছে ।

বিখ্যাত ব্যৱসায়ী প্ৰতাপ শৰ্মাৰ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ লালসাত একমাত্ৰ জীয়েকৰ হৃদয় জিনিবলৈ সেউতীৰ চেনাইধনে কৰা অংকটোৰো সমাধান বোলে ওলাব এই ব’হাগতে । 

✍️হিমাশ্ৰী বৰা 
    তিনিচুকীয়া ।

Post a Comment

Previous Post Next Post