নীলা খামৰ চিঠি-যদুমণি দাস

Rinku Rajowar
0
মৰমৰ জোনালী,
     
কেনে আছা তুমি ? আশা কৰোঁ কুশলে আছা । এতিয়া মাজ নিশা ।
শীতৰ এই নিশাটো হয়তো ডাঠ কুঁৱলীয়ে আৱৰি আছে । প্ৰতিজনৰ দৰে তুমিও এতিয়া দিনটোৰ  ব্যস্ততাৰ শেষত অলস হৈ এৰি দিছা নিজক নিদ্ৰাৰ কোলাত । মই এতিয়া সাৰে আছো জানা !  তোমালৈ বুলি মনৰ অব্যক্ত কথাবোৰক জুকিয়াই কলমৰ পৰশ দিবলৈ ।
    মোৰ প্ৰিয়জনী, নীলা চিয়াঁহীৰে বুকুৰ উমত সাঁচি ৰখা অনুভৱৰ ভাষা বোৰে উকা কগজত বুটা বছা এইখনী  তোমালৈ বুলি  মোৰ প্ৰেমাস্পদৰ প্ৰথম খন পত্ৰ । সিদিনা জানা !  college ৰ সন্মুখত বহি থাকোতে প্ৰথম বাৰ দেখিছিলো তোমাক । নাজানো কি মায়া আছে তোমাৰ সেই কাজলময়ী নয়ন যুৰিত । ৰ' লাগি চাই আছিলো দূৰৰেই পৰা । ঠিক তেতিয়া হয়তো তোমাৰ সেই ডালিম গুটীয়া  দাঁতৰ সৈতে উজ্বলি উঠা  মুখখনিয়ে অধিকাৰ কৰিলে মোৰ হৃদয় সাম্ৰাজ্য । তোমাৰ   ওঁঠৰ পৰা সৰি পৰা হাঁহি টুকুৰাবোৰে জীপাল কৰিছিল মোৰ  মৰুভূমিময় হৃদয় ।
     তোমাক দেখাৰ পৰাই মোৰ হৃদয়ৰ কোঁহে কোঁহে প্ৰেমৰ খলকনি ।
তুমি হয়তো নুবুজিবা মোৰ হৃদয়ৰ আকুলতা । তোমাৰ অজ্ঞাতেই ভাল পায় পেলাইছো  তোমাক । দেৱদাৰু নগৰীৰ  প্ৰতিতো পৃষ্ঠাতে লিপিবদ্ধ
হৈ থকা প্ৰেমৰ হাজাৰ টা কাহিনীৰ দৰে ময়ো সংযোজন  কৰিব বিছাৰিছো আৰু এটি প্ৰেমৰ কহিনী তোমাৰ সৈতে  জোনালী ।
      ঐ প্ৰিয়জনী , সপোন আছে ; বহুত সপোন । এদিন তুমি আৰু মই প্ৰেম বসন্ত উৎসৱ পাতিম , বলুকাত বহি প্ৰেম অন্তিমিত সূৰুজৰ ৰঙীন আভা চাম,  জোৎস্না ভৰা নিশা বোৰত তোমাৰ সৈতে হাতে হাতে ধৰি  প্ৰাণ খুলি কথা পাতিম, পিয়াহ লাগিলে তোমাৰ হাতৰ কাঁজলিৰে এঢোক পানী খাম, ফুটপাথৰ কোনোবা এখন পানী-পুৰী দোকানত তোমাৰ আব্দাৰ শুনিম । হাঃ হাঃ কত যে কি কল্পনা !
      শুনাচোন, বতাহৰ সৈতে মিলি বাৰে বাৰে আমনি কৰা তোমাৰ চুলিকোছা নাবান্ধিবা চোন। নহ'লে যে নেদেখিম হাতৰ আঙুলিৰে শাসন কৰাৰ মুহূত্ববোৰ ।
      হ'ব দিয়া আৰু বেছি নিলিখোঁ । মনৰ ভাৱবোৰ সন্মুখত ক'ব নোৱাৰা  হেতুকে চিঠিৰ জৰিয়তে প্ৰকাশ কৰিলোঁ । আশাঁ থাকিল আহিবা তুমি । মোৰ উদং বুকু জুৰাই মৰম-ভালপোৱা  পৰশ ঢালিবলৈ । তেতিয়ালৈ তোমাৰ প্ৰিয় হোৱাৰ বাসনা এটাই সদায় স্বপ্নৰাগ  হৈ পিয়াপি দি ফুৰিব ।
       সোনকালে লগ হ'ম , মনৰ পুখুৰীত আৰু বহু কথাই ককবকাই আছে তোমাক ক'বলৈ । শেষত জুবিন দাৰ এটি গানৰ কলি তোমাৰ বাবে ----
      তোমাক দেখা পালে সপোন জাগি উঠে 
      বুকুখনি হয় তাজমহল
      মন নদী হৈ মৰম সুঁতী  বয়
      ঢৌবোৰ  তাত হয় সাঁথৰ 
      সন্মুখত যেতিয়া তোমাক দেখোঁ
      যাযাবৰ অভিমান মুঠিতে ৰাখোঁ .........

তোমাৰ উত্তৰৰ অপেক্ষাৰে , আজি লৈ  সামৰোঁ দেই ।

                                              
ইতি
     
                                   
তোমাৰ আজন্ম প্ৰেমিক
                                           
লেখকৰ পৰিচয়ঃ যদুমণি দাস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)