মনৰ পুতৌ ভাঁজত
জন্ম-জন্মান্তৰ এক
বাস্তৱ কাহিনী।
অনন্ত শক্তিৰ অপাৰ মহিমাৰ
উজ্জ্বল জলন্ত চাকি।
অন্ধকাৰময় সমাজৰ
অগ্নিৰ ফিৰিঙতি।
ঘাত-প্ৰতিঘাটৰ বাধা নেওচি
আগুৱাই যোৱাৰ প্ৰজ্জ্বলিতা আমি।
দুনাই ঘূৰাই পোৱাৰ আশা সামৰি
জীৱনত খোজ দিয়া সেনানী আমি,
সমাজৰ অৱহেলাৰ আমিয়েই গৰাকী।
উচ্চতম শিখৰৰ নিম্নতম শক্তি,
জীৱন-মৰণৰ আশাৰ বন্তি।
জীৱন প্ৰেমৰ মৰিচিকা আমি
মৃত্যুৰ ক্ষণ গণা মহা সেনানী।
জীৱন যে,
কচুপাতৰ পানী।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ