লোক সংস্কৃতিত অপৰিহাৰ্য্য বিহু নৃত্য-লেখকৰ পৰিচয়ঃ চিন্ময় ডেকা

উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য হৈছে বিহু নৃত্য। ই অসমীয়াৰ বুকুৰ দাপোণ স্বৰূপ। ৰাজ্য খনৰ প্ৰধান উৎসৱ তিনি বিহু। বহাগ অথবা ৰঙালী বিহু, কাতি বা কঙালী আৰু মাঘ বিহু অথবা ভোগালী বিহু। এই উৎসৱ সমূহ হ'ল অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। বিশেষকৈ অসমীয়াৰ নতুন বৰ্ষৰ ন-উদ্যমেৰে ডেকা, বুঢ়া সকলোৱে আনন্দত আত্মহাৰা হৈ বছৰৰ শেষ চ'ত-বহাগ মাহত পৰম্পৰাগত ভাৱে খাটী অসমীয়া বহাগী উৎসৱ অতীজৰে পৰা পালন কৰা প্ৰচলিত হৈ আহিছে। দৰাচলতে, এই ৰঙালী বিহুতেই বিহু নৃত্যৰ প্ৰয়োভৰ অধিক। তাৎপৰ্যপূৰ্ণ ভাৱে বৰ্ণনা কৰিবলৈ হ'লে- ই বিৰামহীন সত্তাৰ অধিকাৰী। ডেকা-গাভৰু, জীয়াৰী-বোৱাৰীৰ গাত ত'ত নাই? তাঁতশাল খট্-খট্ মাকোঁ গছকত হাতে বোৱা গামোচাখনি অতিকৈ চেনেহৰ আপোন। প্ৰিয় জনক বিহুৱান খনি দিবলৈ কিমান হেঁপাহেৰে প্ৰস্তুতি। আপোনাসৱক বুজাব নোৱাৰি, তথাপি নকৈ নোৱাৰি। ইয়েই হৈছে পৰম্পৰা, ভাতৃত্ববোধৰ এনাজৰীৰে বন্ধা একাজলী মৰম সৌহাৰ্দ্যপূর্ণ আন্তৰিকতা। বিহু নৃত্যত দেৱবাদ্য হিচাপে ঢোল এটি অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ, লগতে পেপাঁ, বাঁহী, গগণা সুললিত সুৰত নাচনীৰ মন ৰাই-জাই কৰে। লগতে ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰে ।অতি মনোৰম বিহুত পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামূহিকভাৱে কৰা লোক নৃত্য। তদ্ৰুপ তাৎপৰ্যপূৰ্ণ ভাৱে পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি-ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলি অভিহিত কৰিব পাৰি। বিশেষকৈ নাচনীসকলৰ নৃত্যৰ ভাৱ-ভংগীমাৰ মুদ্ৰা সমূহ পুৰুষৰ নৃত্যশিল্পী সকলতকৈ বেছি আকৰ্ষণীয় লগতে আনন্দত আত্মহাৰা অন্যতম লোক নৃত্য কলা। দৰাচলতে অসমীয়াৰ আদৰৰ হিয়াৰ আমঠু বিহুনৃত্য লোকসংস্কৃতিত দাপোণ স্বৰূপ হিচাপে প্ৰতিষ্ঠিত।

লেখকৰ পৰিচয়ঃ চিন্ময় ডেকা

Post a Comment

Previous Post Next Post