বৃদ্ধ প্ৰহৰে উদাস কৰিছে মোক
অলপ ৰৈ চোৱা
সূৰ্য্যাস্তৰ বিষাদ গাঁথা...
লিখা আছিল তাত
এজাক নীলা সপোন ,
ৰংচঙীয়া সুহুৰিত সাৰ পোৱা ওমলা দিনৰ সাধুকথা...
এতিয়া নুসুধিবা মোক
বগা ৰঙে কিদৰে সুশোভিত কৰিছে !
হেৰাই যোৱাৰ মাদকতাত বৈ আছে টোপাল এটোপাল নিজান নিজৰা...
তথাপিও বুজিব পাৰিলা জানো
সেই নীলা সপোনৰ সমস্ত প্ৰকাশ ,
'মই যে শ্ৰোতা হ'ব খোজো...'
✍🏻নৱনীতা বৰা
চাৰিং, শিৱসাগৰ