চাওঁতে চাওঁতে অতি হেঁপাহৰ ৰঙালী বিহু আহি পদূলি মুখ পালেহি।গাঁৱৰ জীয়ৰী-বোৱাৰীৰ তাঁতৰ শালত গামোচাৰ ফুলে জকমকাই ফুলিছে ।
“গামোচা ঐ গামোচা
হাতে মেলি নল'বা,
হাতে মেলি নল'বা,
চুলি মেলি নববা তাঁত।
নৈৰে ঐ ঘাটলৈ অকলে ঐ
নাযাবা ,অকলে ঐ নাযাবা,
ডেকা লৰাই জোকাব তাত।”
গামোচা হ'ল অসমীয়া সংস্কৃতিৰ প্ৰতীক বা সম্বল। গা-মানে দেহা।মোচা মানে- টাৱেলৰ দৰে বস্ত্ৰ।
অসমীয়া সমাজত তামোল-পাণৰ পাছতেই গামোচাই স্থান পাইছে।গামোচা খন কেতিয়া পৰা উৎপত্তি হৈছে ক'ৰ পৰা হৈছে ,এতিয়ালৈকে কোনেও সঠিককৈ ক'ব পৰা নাই।ঐতিহাসিক ডঃ লীলা গগৈয়ে কৈছিল, আহোমে বিভিন্ন কাৰণত গামোচা ব্যৱহাৰ কৰিছিল।
অসমৰ বাহিৰে ভাৰতৰ কোনো ঠাইত গামোচা পোৱা নাযায়।গামোচাখন বগা সূতাৰে বোৱা হয়।
গামোচাখন আয়ত আকাৰ। বহলটো দুই ফুট, দীঘলে চাৰি ফুট।সাধাৰণতে গামোচা কৰ্তন সূতাৰে বোৱা হয় যদিও কিছুমান বিশেষ দিনত ল'বলৈ মুগা সূতাৰ গামোচা বয়।শিপিনীয়ে নিজৰ কলা বিলাক গামোচাত ফুল বাছি দেখায়।
বিশ্বাস অনুসৰি বিভিন্ন সম্প্ৰদায়ৰ মানুহে বিভিন্ন ধৰণৰ গামোচা ব্যৱহাৰ কৰা দেখা যায়।যেনেকৈ দেউৰী, মিছিং, ৰাভা,বড়ো আদি ,সম্প্ৰদায়ৰ লোক সকলৰ মাজত গামোচা বিভিন্ন ধৰণৰ হয়। অসমৰ উৎসৱ উদযাপনত গামোচা ব্যৱহাৰ কৰে।ব'হাগ বিহুত মতা মানুহে মূৰত গামোচা মাৰে।বিহুত আলহী আহিলে গামোচা দি সন্মান প্ৰদৰ্শন কৰে।
বৰ্তমান সময়ত গামোচাৰ চাহিদা বৃদ্ধি পাইছে।গামোচাৰ পৰা সুন্দৰ মুখা তৈয়াৰ কৰিছে।ফুলাম গামোচা খনেৰে মতা- মাইকী সকলোৱে পিন্ধিব পৰাকৈ বিভিন্ন ডিজাইনৰ চোলাও তৈয়াৰ কৰি পিন্ধিছে।
অসমীয়া সমাজৰ শিপিনীয়ে গামোচা বৈ আৰ্থিকভাৱে উপকৃত হৈছে।বৰ্তমান গামোচাৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে।১৯৩৯ চনত এখন গামোচাৰ দাম ৬ পইচা আছিল।অসমীয়াৰ জীৱনৰ লগত জড়িত এই গামোচাখনে অসমৰ গৌৰৱ কঢ়িয়াই যুগ যুগে জিলিকি ৰ'ব।
বিহুৰ দিনা চেনাইক গামোচা খন পিন্ধোৱাৰ আনন্দই বেলেগ।এফাঁকি বিহু গীতেৰে,,,,,
“অ নবৌ' গামোচা বব জানেনে,
অ নবৌ' আমাক এখন দিবানে,
আমাৰ আকৌ এই জনীয়ে,
গামোচা বব নাজানে।।”