তোমাক দেখাৰ পৰা- নীভা লইং

ফাগুনৰ পচোৱা বতাহে
শুকান পাতত সুৰৰ লহৰ তোলে।
তেজ ৰঙা শিমলু ফুলেৰে এদিন
নীল আকাশৰ তলত
শুভ্ৰতাৰ দলিছা পাৰি,
সিঁচি যাব নিদ্ৰাৰ ঘূমতি।
পলাশী শিখাই মতলীয়া কৰে ধূলিয়ৰি বাট।
তোমাৰ দুচকুৰ প্ৰেমৰ আহ্বানে 
নিগৰাই প্ৰেমৰ এবুকু নিজৰা,
অতদিনে প্ৰতিটো ক্ষণে 
পাৰ কৰিছো মই ,
শেৱালি ফুলৰ
উজাগৰী ৰাতি। 

তোমাৰ প্ৰেমৰ ৰাগিত,
গুটি ফুলৰ চানেকি উঠিছে।
তুমি অহাৰ বতৰাই মাকো মাৰি মাৰি উশাহত হাঁওফাওঁ কাহিল।
পুৱাৰ ৰ'দালিয়েও,
ৰং সিঁচি দুপৰৰ ঘূমতি হেৰায়।
ৰান্ধনী বেলিয়ে
প্ৰাণোময় কৰি তুলে এক,
ৰূপালী সন্ধিয়া।

✍️নীভা লইং
পাণবজাৰ, গুৱাহাটী-01

Post a Comment

Previous Post Next Post