অপেক্ষা তোমাৰ বাবে-গীতাশ্ৰী বড়া

©Admin
0
কেতিয়াবা মোৰো মন যায় .....
অভিমান কৰিবলৈ
প্ৰতিপল ....তোমাৰ অন্তৰত জীয়াই থাকিবলৈ....
তোমাৰ প্ৰতিটো সপোনৰ অংশীদাৰ হ'বলৈ....
জীৱনৰ প্ৰতিটো মূহুৰ্ত তোমাৰ সৈতে উপভোগ কৰিবলৈ...

মই জানো!
মৰমবোৰ যেতিয়াই গভীৰ হয়
হৃদয়ত তেতিয়াই প্ৰেমৰ নৈ বয়...
এই প্ৰেমৰ যাত্ৰাত 
সাজিব বিচাৰো সাঁকো....
হৃদয়ৰ পৰা হৃদয়লৈ...
অন্তৰৰ পৰা অন্তৰলৈ...
গঢ়িব বিচাৰো সম্বন্ধ
আজীৱন তোমাৰ লগত। 

হৃদয়ত একাঁজলি মৰম লৈ
মতলীয়া হৈছো মই তোমাৰ প্ৰেমত..
সাঁচি ৰাখিছো মই ভালপোৱাবোৰ তোমাৰ নামত
মন মোৰ সদায় তোমাৰ কাষত.....
কিন্তু তুমি আছা কেৱল মোৰ কল্পনাৰ জগতত!
আহিবানে দিঠকত..!
সুখে- দুখে সদায় থাকিম তোমাৰ লগত...।

এতিয়া অপেক্ষা মাথোঁ তোমাৰ বাবে...

✍️ গীতাশ্ৰী বড়া
যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)