কুশলে আছা নে,আই ?~নাছিৰ আহমেদ

©Admin
0
কুশলে আছা নে, আই ?
তোমাৰ অধম সন্তান মই কাতৰে মাতিছো :
লঘোণীয়া পেটে 
কুশলে আছা নে,আই ?

মোৰ মূৰত এদম ঋণৰ গধুৰ বোজা
দ্ৰব্যৰ জুই ছাই দামে মোৰ সৰ্বশৰীৰ কৰিছে কোঙা।
এমুঠি খাদ্য, এখন বস্ত্ৰ আৰু আশ্ৰয়ৰ সন্ধানত
আৰম্ভ হৈছে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে মোৰ অবিৰাম যাত্ৰা -----
কেতিয়াবা কয়লাখনিৰ বুকুত ডুব দি কয়লা খান্দিছোঁ,
কেতিয়াবা সাগৰৰ তলিত শামুকৰ পেটত মানিক বুটলিছোঁ,
কেতিয়াবা চলন্ত ট্ৰেইনৰ ইটো ডবাৰ পৰা সিটো ডবালৈ কান্ধত বস্তু কঢ়িয়াছোঁ ;
আকৌ হিমালয়ৰ পাদদেশত থিয় হৈ দেশৰ প্ৰহৰী সাজিছোঁ।
এনেকৈ চলিছে মোৰ দুৰ্বিসহ যাত্ৰা ---
জীয়াই থকাৰ তাড়নাত
খাদ্যৰ নামত গিলিছোঁ মহামাৰীৰ বীজ,
বস্ত্ৰৰ নামত পিন্ধিছোঁ ভাৰতৰ মানচিত্ৰ,
আশ্ৰয় বিচাৰি ঘূৰিছোঁ দিহিঙে দিপাঙে ।

আকৌ, চাৰিওদিশে কেৱল অস্ত্ৰৰ ঝনঝননি,
সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ,
অন্যায়, অত্যাচাৰ, ব্যাভিচাৰ, শোষণ,  হত্যা, লুট আৰু ধৰ্ষণ !
মোৰ শৰীৰ হ'ল ক্ষত-বিক্ষত , তেজেৰে লুতুৰি- পুতৰি !

শান্তি ক'তেনো বিচাৰি পাওঁ ?
তোমাৰ অধম সন্তান মই কাতৰে মাতিছোঁ লঘোণীয়া পেটে ----
কুশলে আছা নে,আই ?
তোমাৰ স্নেহভৰা কোমল কোলাত দিয়া ঠাই,
দুহাতেৰে মচি দিয়া মোৰ লুণীয়া চকুলো,
কাপোৰৰ আঁচলেৰে দিয়া হৃদয়ৰ যাতনা গুচাই
 
তোমাৰ বাহু-বন্ধনত মোক সাৱটি ধৰা!
তোমাৰ বাহু-বন্ধনত মোক সাৱটি ধৰা!!

কুশলে আছা নে,আই ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)