দিগন্তত এজাক চৰাই-সীতা দেৱী

©Admin
0
বিভিন্ন ঘাত প্ৰতিঘাতৰ সমষ্টি জীৱন। হয়তো উত্তৰ নিমিলা অংকটোৰ দৰে জীৱন। কিমান আৰু সহ্য কৰিম। কৃত্ৰিম হাঁহিবোৰ ওঁঠত আঁকি আঁকি মই ভাগৰি পৰিছোঁ। জনা হোৱাৰ পৰাই লোকৰ অভাৱ অনাটনবোৰৰ জোৰা দিওঁতে দিওঁতে নিজলৈ বুলি সপোন এটা সাজিবলৈ সময় নহ'ল। সৰুতে মা ঢুকুৱাত দেউতাই দাদা আৰু মোৰ মাতৃৰ অভাৱ পূৰণ কৰিবলৈ দ্বিতীয় বিবাহ কৰাইছিল। মাহীমাকৰ কুটিল চক্ৰান্তত যেনে তেনে জীয়াই থকাৰ যুঁজখন অহৰহ চলি থাকিল। কলেজীয়া ছাত্ৰাৱস্থাত পঢ়া শুনা কৰাৰ সময়কণ বুলি মহাবিদ্যালয়ৰ পুথিভঁৰালটো সম্বল আছিল। ভৱিষ্যতে ভাল দিন আহিব বুলি আশা ৰাখি দুখ কষ্টবোৰ দেউতাৰ পৰা লুকুৱাই সুখত থকাৰ নাটক খন দাদা আৰু মই সুন্দৰকৈ চলাই গৈছিলো। এনেতে মাহীমাকৰ কোপ দৃষ্টিত পৰি নভবাকৈ বিয়াত বহিব লগা হ'ল। ভাগ্যক ধিয়াই তাকো মানি ললোঁ। হয়তো নতুন ঘৰখনত কিছু সুখ পাম বুলি আশা কৰিছিলোঁ। কিন্তু দৰা সাজতেই  মোৰ স্বামীৰ ফুলশয্যাৰ দিনাই মুখত মদৰ ভেকেটা ভেকেট গোন্ধ লগতে অবাইচ মাত। মোৰ হৃদয় দুখত ফাটি গৈছিল। কেনেদৰে আগবাঢ়ি যাম? মোৰ জীৱনত সুখ বুলি কোৱা বস্তু বিধ নাই যেন লাগিল। স্বামী দেৱতাৰ নিত্য নতুন নতুন নাটক লগত শাহুআই আৰু ননদৰ তৰ্জন গৰ্জন। মই অতিষ্ঠ আৰু বিৰক্ত হৈ পৰিছিলোঁ। জীৱনৰ মোহ লাহে লাহে কমি আহিবলৈ ধৰিলে। তথাপি দেউতাৰ অন্তৰত আঘাত নালাগক বুলি নিজ দায়িত্ব পালন কৰি গৈছিলোঁ। সপোন বুলি একো নাছিল। মুখত কৃত্ৰিম হাঁহিবোৰ লৈ মানুহৰ মাজত সহবাস কৰিছোঁ।হৃদয়ত একুৰা দপদপকৈ জ্বলা জুই লৈ নিজ কৰ্তব্য পথত অগ্ৰসৰ হৈছিলো।দেউতাই আলাঙে আলাঙে খবৰ লয়। মই কিন্তু দেউতাক মোৰ দুখ কষ্টৰ গম ল'বলৈ দিয়া নাছিলোঁ। দেউতাৰ মনত কি আছিল জনাৰ উপায় নাছিল। কিয়নো তেওঁ সম্পূৰ্ণ মাহীমাৰ  হাতৰ পুতলা হৈ পৰিছিল।দাদায়েও অৱশেষত মাৰ অত্যাচাৰ সহিব নোৱাৰি চেন্নাইলৈ কোম্পানীৰ কাম বিচাৰি গুচি গৈছিল। মোক উৎসাহিত কৰিবলৈ কোনো নোহোৱা হৈ পৰিল। মই ইমান দুৰ্ভগীয়া নে????
         এনেতে আমাৰ জীৱনলৈ এটি কন্যা সন্তানৰ আগমন ঘটে। ভাবিছিলোঁ শিশুৰ কলৰৱে ঘৰৰ মানুহৰ মনবোৰ পৰিবৰ্তন কৰিব। কিন্তু নাই......! সকলো বোৰ একেই থাকিল। আচৰিত! মানুহে বাৰু কিমান সহ্য কৰিব পাৰে?কেতিয়া ধৈৰ্যৰ বান্ধ চিঙি যায়? এইবোৰৰ মাজতে এদিন খবৰ আহিল অপ্ৰত্যাশিত ভাৱে, মোৰ স্বামীৰ মৃত্যু ঘটিছে।মদ খাই আহি থাকোঁতে গাড়ী এখনে চেপিলে। তেওঁৰ অবিবেকী কাণ্ড কাৰখানা বোৰৰ কাৰণে মোকেই ককৰ্থনা কৰা হ'ল।ইমান কঠিন পৰিস্থিতিৰ দুখ বেদনা প্ৰকাশ কৰিবলৈও মোৰ কোনো শুভাকাংক্ষী নাছিল।নিৰলে কান্দি বুকুৰ বিষ উপশম কৰাৰ বাদে মোৰ কোনো উপায় নাছিল।
             দিনবোৰ বোজা আকাৰে পাৰ হৈ গৈ থকাৰ মাজতে এদিন ছোৱালী জনীক দহ মাহত দিব লগা ভেকচিন দিবলৈ লৈ যাওঁতে আমাৰ স্থানীয় চিকিৎসালয়ত মোৰ অন্তৰংগ বাল্য বন্ধু যতীন শৰ্মাক লগ পালোঁ। তেওঁ মোৰ জীৱন কাহিনী শুনি অবাক হ'ল। তেওঁ ক'লে, "তোমাৰ দৰে শিক্ষিতা ছোৱালী এজনীয়ে এনেদৰে জীৱন যাপন কৰাটো উচিত নহয়। জীৱনৰ আন এটা নাম সংগ্ৰাম। দলিয়াই দিয়া পুৰণি কলীয়া নীতি নিয়ম। আগবাঢ়ি যোৱা। ছোৱালীজনীৰ জীৱন তোমাৰ দৰে কৰি নেপেলাবা। জীৱনটো উপভোগ কৰা। নিজৰ লগতে দহজনৰ সাহস হোৱা। তুমি পাৰিবা।"
        মই যেন মাত্ৰ সাৰ পালোঁ। মোৰ অন্তৰত সুপ্ত হৈ থকা সমস্ত শক্তি উজ্জীৱিত হৈ পৰিল হয়, মই আগবাঢ়ি যাব লাগিব।দুখৰ বোজা দলিয়াই কৰ্ম উদ্যমেৰে যুদ্ধ খন চলাই জয়ী হ'ব লাগিব। মনটোক টান কৈ বান্ধি ল'লো। মোৰ ছোৱালীজনীৰ কাৰণে মই দৃঢ়তাৰে আগুৱাই যাব লাগিব।যতীনে কোৱা কথাবোৰে মোৰ আত্মা জগাই তুলিলে। অজানিতে ভাল লাগি গ'ল।প্ৰাপ্তিত আনন্দ থাকে। কৰ্মই জীৱন সুন্দৰ কৰি তোলে। মই আজি সংকল্প গ্ৰহণ কৰিছোঁ জীৱন যুঁজত জয়ী হম। মোক যেন শান্তিৰ অমিয়া পান কৰাই দিগন্তত নীড়মুখী এজাক চৰাই উৰি গ'ল।

◾সীতা দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)