শীৰ্ষ গীত-বসন্ত ওজা

©Admin
0
বুঢ়ালুইতৰ পাৰতে
আছো আমি সবে
     উত্তৰ চাৰিআলি নাম লৈ ।
নানা জাতি উপজাতিৰ
মিলন সেতু গঢ়ি
     জাতিত অসমীয়া হৈ ।।
বৰগীত ভটিমা
সুধাকণ্ঠৰ প্ৰতিমা
      হৰি নামৰ অমিয়া সুৰ ।
শৰতৰ শাৰদীৰ
সু শোভিত বৃন্দাবনত
   উতনুৱা  হিয়া পৰে জুৰ ।।
২৫ বছৰীয়া
বৰণীয়া সুতাৰে
     বটিছো সমন্বয়ৰ দোল ।
হিন্দু মুছলমান
একেখন পাটীত বহি
      বিলাইছে সুগন্ধি মোল ।।
এনুৱা সম্প্ৰীতিৰ
চানেকীত অসমৰ
     জনতাই মানে বিস্ময় ।
খোলতাল বৰকাঁহ
দবা শঙ্খনাদত
     ধৰা হ'ব পৰাজয় ।।

বসন্ত ওজা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)