তোমাৰে সুৱাস বিলায়
থমকি ৰʼলো তোমাতেই
মন মোৰ নিয়া উৰুৱাই
তুমাৰ সুৱাসৰ ৰেঙণিৰে
পাম জানো তোমাৰ আভাষ
হৈ ৰʼবা জানো তুমি মোৰ
সেই ফাগুনীৰ সুৱাস
পলাশৰ ৰঙা ৰঙে
ৰঙীন কৰিলেহি মোৰ মন
আশাবোৰো যেন আহিল ঘূৰি
মন মোৰ কৰে উচাতন
তুমি এজাক ফাগুনীৰ বলিয়া বতাহ
মোৰ যৌৱনৰ এক ৰঙীন ঠিকনা
দি যায় ফাগুনে তোমাৰ সুৱাসৰ বতৰা
তুমিয়েটো মোৰ হৃদয়ৰ এপাহ ৰঙা শিমলু তুলা
তোমাৰ প্ৰতিটো পলতে
তোমাৰ প্ৰতিটো খোজতে
তোমাৰ প্ৰতিটো উশাহতে
বিলীন হ'ম মই
জনমে জনমে।।