বʼহাগৰ দুপৰীয়া - নয়না নাথ

উজ্জ্বল সোণোৱালী চিত্ৰ
গাৰ্লছ হোষ্টেলৰ চৌহদত
এজনী ৰূপহী.........

ঢৌ খেলা চুলিটাৰিত
আবেলি আবেলি গোন্ধ,
মুকুতা সৰা হাঁহিত কঁপি উঠে
কলেজ হোষ্টেলৰ চৌহদ ।

হঠাৎ ...........

আবতৰীয়া বৃষ্টিৰ মিঠা পৰশ
মুকুতা হৈ সৰিছে....
কেঁচা মাটিৰ গান ,
দুহাত মেলি অনুসন্ধান কৰে
প্ৰিয় বৰষুণৰ ঠিকনা ।

এটি বʼহাগৰ দুপৰীয়া .......



 

Post a Comment

Previous Post Next Post