অনামী সত্তা - হেমেন হাজৰিকা

Aditi Tanti
0
    হিয়াখনক সুধাচোন তুমি
     সম্বন্ধ মানেনো কি?
     তাৰোতো এটা
     নিজস্ব অৰ্থ আছে
     তেজেৰে গঢ়া
     অথবা নিজে নিজে
     গঢ়ি উঠা
    নীৰৱ নৈ খনক সুধিবাচোন
    গঢ়া সম্বন্ধৰ সাক্ষী হয়নে?
    নে প্ৰস্তৰ মূৰ্তিকে বা
    মাথোঁ কাহানীও তুমি
   নুসুধিবা মোক
   সম্বন্ধৰ সমাধান কি
   নৈখন বৰফ হ'লেও
   প্ৰস্তৰ মূৰ্তিয়ে প্ৰাণ পালেও
   নোৱাৰিম যে দিব মই
  উত্তৰ তোমাক
  মাথোঁ
  আজলী শেৱালী পাহীৰ হাঁহিত
  স্মৃতিবোৰ সৰি পৰিলে
  বিচাৰি পাবা তুমি
  তোমাৰ উত্তৰ ।।

হেমেন হাজৰিকা
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)