সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অনন্ত।
সুখ শান্তি আৰু সমৃদ্ধিৰ বন্যা,
প্ৰাণৰ বিহুটিৰ আগমনত অসমী ধন্যা ।
আস্থা আৰু প্ৰেৰণাৰ উৎসৱৰ মেলা,
অসমীয়াৰ জাতীয় চানেকি এয়া,নহয় যে খেলা।
চেনেহৰ অসমীয়া শিপিনীৰ বিহুৱান,
যুগে যুগে ই যে অসমীয়াৰ সন্মান।
জেতুকাবুলীয়া হৃদয়ত অযুত তৰঙ্গৰ বিকাশ,
প্ৰকৃতিৰ অনুপম নৈসৰ্গিক প্ৰকাশ।
কুলি কেতেকীৰ অমীয়া মাতৰ আভাস,
লগতে কপৌ ফুলৰ স্নিগ্ধ সুবাস।
থাকৌ বাথৌ অসমীয়াৰ মন প্ৰাণ,
বাপতি সাহোন বিহু ৰাখিম ইয়াৰ মান।