বসন্তৰ ফুল এপাহ
ফুলি আছিল
তোমাৰ দৰে মোৰো
বুকুত কঁপনি এটা
ওলমি থাকে ।
কলহ নভৰা বৰষুণ
এজাক প্ৰতিটো চুবুৰিতে
খুপি থাকে
মুখৰ ভিতৰতে গুনগুনাই
থকা গীত এটা
তোমাৰ দৰে মোৰো সংগী
সেউজীয়াৰ পয়োভৰ
মোৰ পদূলিতো আছে
কুলি চৰাইৰ মাত
সকলোৰে প্ৰিয়
অধিকাৰ বিচৰা আবেলিটো
সংগোপনে গুচি যায় ।