বসন্ত আহিছে-সুশান্ত দাস

Rinku Rajowar
0
প্ৰকৃতিৰ বুকুত আহিছে পৰিৱৰ্তন 
আনিছে বসন্তৰ জোৱাৰ,
মনৰ বাতায়ন খুলি আদৰিম বসন্তক
সাঁচিম সাৱলীল স্মৃতিৰ টোপাল।।

চ'তৰ বিহুৰ আনন্দ আনিছে
বসন্ত ঋতুৱে সামৰি,
নৱ-কিশলয়দলৰ অপৰূপ সৌন্দৰ্য্যক
সাদৰে ল'ম আদৰি।।

কুলিৰ মাতে সানিব
ব'হাগৰ আনন্দত,
মিঠা সুৰৰ আবিৰ।
বিধ্বস্ত সুখৰ অৱশেষবোৰ
পৰিপূৰ্ণ হৈ উঠিব,
বিলাব আনন্দ সাৱলীল।। 

ফাগুনৰ সৰাপাতে
চ'তৰ বুলনিৰে,
মাতিছে ব'হাগৰ বিহু
যাৰ আনন্দৰ নপৰে অন্ত;
সুখৰ ভেটি গঢ়ি
আনন্দৰ ঢৌ তুলি,
প্ৰেম-পৰিমলৰ সুবাস বিলোৱাৰ
বাবেইটো এই ঋতু বসন্ত!.....


           ✍🏻সুশান্ত দাস
               শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)