লগতে গামখাৰু যোৰো হাততে লৈছোঁ সুমুৱাই;
যোৱাবেলি ৰৈ ৰৈ ভাগৰি পৰিলোঁ অ'
তই যে আহিম বুলি কৈ নাহিলি চেনাই.....
বিহুৱানখনি লৈ ৰৈ আছোঁ পদূলি মূৰলৈ চাই-চাই;
খোপাতো গুজি ল'ম
কপৌফুল এপাহি
ডালতে ওলমি আছে ....
কুলিটিও আহিল কেতিয়াবাই বিহুৰে বতৰা লৈ;
তোলৈ আছো বাট চাই হেঁপাহ মোৰ বাঢ়িহে যায়...
সময়ৰ খোজবোৰ ক'ৰবাত যেন থমকি ৰৈ ৰৈ যায়
তোৰে অপেক্ষাত সপোনবোৰেও সানিছেহি ৰং;
সঁচাই আহিবিনে চেনাই মোৰ হৃদয় জুৰাবলৈ?
কঁহুৱাৰ মাজেৰে লুকাভাকু খেলিম
নৈৰ সোঁতৰ শব্দত বহু কথা পাতিম
তই বিহুলৈ আহিবিনে চেনাই?
✍🏻কানন বৰুৱা,
চিৰিং চাপৰি,ডিব্ৰুগড়।