এটা ডাঙৰ প্ৰশ্নবোধক
আৱেগত দোলি-দোলি
ভাবি শেষ নহয় কথাবোৰ,
বাঢ়ি যায় আৰু বাঢ়ি যায়।
অন্ত নোহোৱা দুখবোৰে হৃদয় ভাঙি যায়।
বিচৰা পথত গৈ গৈ, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ
মই হ'লো হঠাতে ঘৰমুৱা।
ভৰুণ যৌৱনতে বিশাল দায়িত্ববোধ...
উস! ভাগৰুৱা মই।
উন্মাদ হৃদয়ে উচুপি উঠে...
আৱেগবোৰ চকুলো হৈ নিগৰি আহে ,দুগালেৰে...
কোনে বুজিব?
কোনে ভাবিব?
কোনে দিব ?
দুখীয়াৰ দুখ দূৰ কৰাৰ অধিকাৰ!
আকাশত উৰা পখীটোও
উৰি উৰি ভাগৰে
বতাহত উৰি থকা চিলাখনো মাটিত সৰি পৰে
মইনো কোন ?
অনুভৱ কৰিছো আজি
শোকৰ এজাক আৱতৰীয়া বৰষুণত
জীৱনৰ শূণ্যতা,
উচুপনিৰ পদূলিত বৈ আছে
মাথোঁ আশা-নিৰাশাৰ এক বিশাল শূণ্যতাৰ অৱসাদ
এয়াই কিজানি বাস্তৱে ঢুকি নোপোৱা অসহায় জীৱন !
✍🏻গীতাশ্ৰী বৰা।