নাই সজীৱতা।
ধূলিৰ বতাহত
নাই আকুলতা।
বৰষুণ জাক আহিলেই
কুঁহিপাত ওলায়।
বৰদৈচিলা আহিলেই
সাহস বাঢ়ে।
কুলিয়ে মাতিলেই
বুকু মোৰ ভাঙে।
ঢেঁকীৰ শব্দত
আইলৈ মনত পৰে।
তাঁত শালৰ ছন্দত
চেনাইলৈ মনত পৰে।
ঢোলত চেওঁ দিলে
নাচনীৰ গা উঠে।
কপৌ ফুল ফুলিলেহে
ধুনীয়া দেখে।
মনক জীপাল কৰিব
ব'হাগেহে পাৰে।
চ'তৰ শেষতহে
ব'হাগ বিহু আহে।
সজীৱতাই তেতিয়াহে
আকুলতাক সাবটে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ