পৰিসমাপ্ত -সুশান্ত দাস

©Admin
0
শেষ বুলিলেই সকলো শেষ হয় ; চকুৰ পচাৰতে। জীৱন বীণাৰ সেই সু-মধুৰ তানৰ ৰাগিয়াল মনে জীৱনৰ অন্ত্য ক্ষণত মাথোঁ হৈ ৰয় এক নিঠৰ দেহ ! জীৱন শেষ বুলিলেই শেষ,ঘূৰি নাহে কেতিয়াও। জীৰ্ণ বস্ত্ৰ ত্যাগৰ দৰেই জীৰ্ণ দেহ ত্যাগ কৰে আত্মাই আৰু অমৰত্ব লৈ বাস কৰেগৈ অন্য দেহত,এনেদৰেই চলি থাকে জন্ম-মৃত্যুৰ বৰ্তুলতা। সমাপ্তি মানেই শেষ সকলো । পৰিসমাপ্তি মানেই আকৌ আৰম্ভ নহয়! মাথোঁ দুদিনীয়া এই মানৱী জীৱন। আশাৰ পৰিপূৰ্ণ প্ৰভাত যেন জীৱনৰ এটা সঞ্জীৱনী অংগ,এক বিৰল অনুভৱ;এবাৰ আহে আৰু অহাৰ পাছত নিমিষতে গুচি যায়,ৰৈ যায় মাথোঁ কিছু অৱশেষ! জীৱনৰ আৰম্ভণি আৰু শেষ যেন এক অন্তহীন যাত্ৰা,আইৰ গৰ্ভত আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে। জীৱনৰ শেষ মানে শেষ! এক চিৰন্তন সত্য। নীৰৱ সাক্ষী হৈ ৰয় এই পৃথিৱীৰ সকলো জীৱ আৰু জড়,জীৱন পৰিক্ৰমাৰ মঞ্চস্থ নাটৰ! আমি একোজন ভাৱৰীয়া হৈও মুক্ত,মুক্তিৰ পথপ্ৰদৰ্শক অথচ নিজেই সেই মুক্তিৰ সন্ধানত হাবাথুৰি খাব লগা হয়। বিহ্বল এটা মনৰ ভাৱ,বিহ্বলতা ওৰেতো জীৱনসংগী;ইয়াৰ কবলত আমি সকলো জীৱনৰ প্ৰতিটো ক্ষণত,সুখ-দুখৰ দুৱাৰদলিত। আমি মাথোঁ এক কাহিনী যাৰ আৰম্ভ হয় আৰু পৰিসমাপ্তি ঘটে! এই কাহিনীৰ বৰ্ণনা নিজে কৰি থাকোঁ কিন্তু হৈ ৰও‍ঁ মাথোঁ এক ব্যাখ্যা,যাৰ অন্ত পৰিল আৰু ঘূৰি নাহিল ইয়েই জীৱনৰ সত্য;ইয়েই জীৱনৰ উত্থান আৰু পতন।  বিষণ্ণতাও আমাৰ মাজৰে এজন সদস্য নহয়নে! লগ নেৰেই দেখোন। সুখৰ সন্ধান যেনেদৰে কৰোঁ ইয়াৰ সন্ধান কৰিব নালাগে কিয়নো ই এক মুক্ত পক্ষী;এক অদ্ভুত সত্য,যাক পৰিহাৰ কৰিব নোৱাৰি। মৃত্যুৰ দুৱাৰদলিত অৰ্থাৎ পৰিসমাপ্তিৰ বেলাত আমি হৈ ৰওঁ এক শিলৰ মূৰ্তি;যাক ভাঙিব নোৱাৰে কিন্তু চিৰদিনৰ বাবে নিঃশেষ হৈ যায় সি! জীৱনৰ আচৰিত সত্য হ'ল জীৱনৰ পাতনি আৰু অন্ত এই ধৰাতেই হয় কিন্তু দুয়োটা অনিবাৰ্য। কথাতে কয় - “ জন্ম হ'লে মৃত্যু হ'বই!” ই এক তিতা সত্য। জীৱন নাটৰ ভাৱৰীয়া আমি, কোনে নচুৱাই নাজানো,আমি কাম কৰি থাকো অথচ কাৰ বাবে নাজানো, মাথোঁ নিজে হৈ পৰো এক সাঁথৰ!! “ভগৱানক আৰাধনা কৰোঁ কিন্তু ভগৱানক সন্তুষ্ট কৰিব নোৱাৰো” বুলি সকলোৱে ভাবে কিন্তু এইটো সত্য নহয়; সত্য হ'ল যে সকলো আগৰ পৰাই লিখা আছে সকলোৰে অদৃষ্টত আৰু সেইয়া স্বয়ং ভগৱানেই লিখিছে আৰু সেইয়া কেতিয়াও খণ্ডন নহয়। কথাতে কয়-“বিধাতাৰ লিখন,নহয় খণ্ডন।” জীৱনে আমাক বহুত শিকাই; মূল কথাটো হ'ল আমি কি শিকিছোঁ এই জীৱনৰ পৰা। আমি আজি আছো কাইলৈ হয়তো নাথাকিবও পাৰো কিন্তু যিয়েই নহওক কিয় আমি আমাৰ কৰ্তব্য সমূহ সূচাৰুৰূপে পালন কৰিব লাগে। জীৱনৰ পৰিসমাপ্তিৰ পিছত এটা নতুন দেহলৈ আত্মাই গমন কৰে আকৌ সেই জীৱৰ অংশ হয় যি জীৱৰ দেহত সি আগতেই বিদ্যমান আছিল মাথোঁ বৈশাদৃশ্য হ'ল সেই দেহৰ আচৰণ বেলেগ আৰু এই দেহৰ আচৰণ বেলেগ। মায়াময় মানৱী জীৱনৰ অন্ত পৰিলেই আমাৰো অৱসান ঘটে । জীৱনত যোগ হোৱাৰ পাছত আকৌ বিয়োগ হওঁ , আমি হৈ পৰো মাথোঁ এক কাহিনী আৰু কাহিনীৰ কাহিনীকাৰৰ দায়িত্বত আমিয়েই থাকো কিন্তু নীৰৱে আৰু আমাৰ জীৱন নাটৰ অধ্যায়ৰ যৱনিকা পৰিলেই আমাৰো জীৱনৰ ঘটে পৰিসমাপ্তি ।।



সুশান্ত দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)