আকাশৰ বেদনাৰ
আধাডুখৰীয়া প্ৰতিচ্ছবিয়ে
তাইৰ হৃদয়ত টুকুৰিয়াই সংগোপনে ।
শূন্যতাৰ বৈভৱৰ
উৰি ফুৰে উন্মনা হৈ
সত্যৰ স'তে বহুদিনৰে পৰা সম্পৰ্কবোৰে
তাইক সাহস দিয়ে
জীয়াই থাকিবলৈ ।
বন্দীত্বৰ পোছাক পিন্ধি
অসমী আইৰ সন্মান ৰাখিব জানে
হিয়াৰ আপোনবোৰৰ স'তে জানে
মিতিৰালি কৰি গঢ়িবলৈ
ভয় কিয় কৰিব
এতিয়াও আছে
সঁচা মানুহৰ সঁচা মৰমৰ সহানুভূতি ।
অস্তৰাগৰ এটুকুৰা স্বপ্ন
নিৰৱে নিশব্দে ঘড়ীৰ কাঁটাৰ দৰে
ঘূৰি থাকে প্ৰেম ভালপোৱাৰে
মানুহৰ স'তে অনন্ত জুৰি
অক্ষয় শলিতাৰে উজলি ।
◾যমুনা বৈশ্য
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ