এই যে,
তোমাৰ মিছা
ছলাহী কথাবোৰে
মোক বাৰুকৈয়ে
সপোন দেখায়৷
বৰ ভাল লাগে
সেই সময়ত
তোমাক,
যেতিয়া তুমি
আটোম-টোকাৰীকৈ
মিছা কথাৰে
সপোনৰ দেউল
সজাবলৈ মোক বাধ্য কৰোৱা ৷
আৰু কিমান দিন
এনে ছলাহী কথাৰে
প্ৰতাৰণা কৰিবা মোক ?
মই বুজি পাওঁ
তথাপি,
তোমাৰ প্ৰতি
থকা ভালপোৱাবোৰে
তুমি নিবিচৰাকৈয়ে
কথা পাতিবলৈ
বাধ্য কৰাই
তোমাৰ স'তে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ