আইতাই কৈছিল
বোকাৰ পৰা বুটলি আনিবি
ঘৰৰ লখিমি জনী ।।
ব'হাগৰ সাত বিহুত
সাতশাকী বুটলিব
পুৱা গধূলি নীতি-নিয়মেৰে
ঘৰখন ধৰিব ।।
মাহেকে-পষেকে
নিয়মেৰে খুৱাব
তিথিয়ে-পৰবে
হিয়া মন জুৰাব ।।
পুৰুষৰ লক্ষণ শিকাব
তিৰিয়েহে গিৰী বুলি
থাপনাখন পাতিব ।।
ককা-দেউতাইও
আইতাৰ বাটেৰে বাট বুলিছিল
সেয়েহে তাত
সুখৰ ৰূপ কমল ফুলিছিল ।।