বর্তমান - সঞ্জীৱ বৰা

শিক্ষাই কৰিছে ভিক্ষা দেশত 
মূৰ্খই কৰিছে শাসন,
ভণ্ডই বিলাইছে ধৰ্মৰ জ্ঞান 
ৰজাই কৰিছে শোষণ। 
বোবাই আছে মুৰ দুপিয়াই 
কলাই শুনিছে ভাষণ, 
পঙ্গু জনতাৰ হাত চাপৰি 
ৰজাৰ কথাত মগন। 
বনীয়াৰ হাতত ঘূণীয়া প্ৰজা 
পনীয়া হল তেজ, 
জ্ঞানীৰ বিবেক বন্ধকত গল 
কুকুৰে পেলালে নেজ।

✍️সঞ্জীৱ বৰা

Post a Comment

Previous Post Next Post