যুৱ প্ৰজন্ম আৰু মানসিকতা-ভাস্বতী কলিতা

Rinku Rajowar
0
মানৱ সভ্যতাৰ আৰম্ভণিতে মানুহে কৰ্মমুখী, কৰ্তব্যমুখী, শৃংখলাবদ্ধভাৱে কাম কৰিবলৈ আৰম্ভ কৰিছিল। সমাজ অবিহনে জীয়াই থকাটো সম্ভৱপৰ নহয়। মানৱ সভ্যতাৰ মূল উৎস হৈছে সমাজ আৰু সমাজৰ মূল অংশ হ'ল যুৱ প্ৰজন্ম।এজন শিশুৱে শৈশৱ কাল অতিক্রম কৰাৰ পিছত কৈশোৰ কালত ভৰি দিয়ে আৰু তাৰ পিছত যৌৱন কালত ভৰি দিয়াৰ লগে লগে সমাজৰ কিছু দায়িত্ব আহি পৰে।বৰ্তমান সময়ত এই চাম যুৱক- যুৱতীয়ে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰিছে। বিভিন্ন দিশত সংঘটিত হোৱা দুৰ্নীতি আৰু সংঘর্ষ-প্ৰতিবাদ , বন্ধ আদি অপসংস্কৃতি সমূহেও যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাত বিশেষ ভাৱে অৰিহণা যোগাই আহিছে। যুৱক-যুৱতীসকলে নিজৰ স্বাৰ্থ বা ব্যক্তিগত সুৰক্ষাৰ বাবে কাম নকৰি সমাজৰ উন্নতিৰ বাবে কাম কৰিব লাগে। যুৱ শক্তিৰ বিশৃঙ্খল মানসিকতাই এখন সমাজ আৰু দেশকো সম্পূর্ণ ৰূপে ধ্বংসৰ দিশলৈ থেলি দিব পাৰে। এখন ঘৰে বা এখন সমাজে যুৱক যুৱতীসকলক সৎ আৰু সুস্থ ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতেই যুৱ সমাজৰ ব্যক্তিত্ব, মানসিক উন্নতি, সমগ্র সমাজ জীৱনৰ ভৱিষ্যত নিৰ্ণয় কৰে। 
           বৰ্তমান সময়ত সামাজিক বিশৃংখলতা , মহিলাৰ প্রতি থকা মৰ্য্যদা হানিকৰ আচৰণ , কলেজ বা হোষ্টেলত ৰেগিং ব্যৱস্থা ধৰ্মঘট , হৰতাল আদিত প্ৰত্যক্ষভাৱে ভাগলৈ যুৱ সমাজৰ মূল সুঁতিৰ পৰা বিচলিত হৈ পৰিছে। ইয়াৰ উপৰি যুৱতীসকলে আধুনিকতাৰ কৱলত পৰি সামান্য টকাৰ মোহত অমাৰ্জিত পোছাক পৰিধান কৰি টিভিৰ বিভিন্ন কাৰ্যসূচী, ফেশ্বন শ্ব' আদিত ভাগ লোৱাৰ উপৰিও বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়া যেনে- ফেচবুক, টুইটাৰ, ইউটিউব আদিত অশ্লীল ফটো প্ৰেৰণ কৰে। ইয়াৰ ফলত  ধষর্ণ, লুণ্ঠন, ইতিকিং আদিৰে যুৱ সমাজ খনে মানসিকতা হেৰুৱাই বিপথগামী হৈছে। বহুতো প্রেমিক প্রেমিকাই ইজনে-সিজনৰ দ্বাৰা প্ৰতাৰিত হৈ আৱেগিক হৈ বা মিছাৰ কৱলত পৰি ড্ৰাগছ বা মাদক দ্রব্য সেৱন কৰি অন্য যুৱক যুৱতীসকলকো আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু বহুতো ল'ৰাই ড্ৰাগছৰ ব্যৱসায় কৰিবলৈ লয়।

          
         লেখকৰ পৰিচয়
         শ্রী ভাস্বতী কলিতা
         ভেৰুৱা গাওঁ
         একাদশ শ্রেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)