বন্ধ্যাকৰণ-সুশীলা ৰাজবংশী

Rinku Rajowar
0
ঘৰুৱা কাম-কাজৰ লগতে মীনাই চাকৰিৰ দায়িত্বও সমানে কান্ধ পাতি লৈছে। মীনাৰ স্বামীৰ পৰিয়াল আৰু তেওঁলোকৰ আত্মীয়ই মীনাক জন্ম নিয়ন্ত্ৰণৰ বাবে বন্ধ্যাকৰণ কৰিবলৈ পৰামৰ্শ দিলে। চৰকাৰী স্বাস্থ্য আঁচনিবোৰত পুৰুষৰ বন্ধ্যাকৰণৰ কাৰ্যকৰি আৰু বাস্তৱ সন্মত ব্যৱস্থা নাই । সমাজ আৰু পৰিয়ালৰ সমস্ত বোজা বহন কৰা মীনাই জন্ম নিয়ন্ত্ৰণৰ বোজাটোও মূৰ পাতি লৈ ভাবি ভাবি চিকিৎসালয়লৈ গ'ল । চিকিৎসালয়ৰ বিছনাত ৰোগীজনক দেখি মীনাৰ আৱেগত অশ্ৰুৰ নিজৰা বৈ আহিল । নাৰীৰ মৰ্য্যাদাক সন্মান জনাই স্ব-ইচ্ছাই তাইৰ স্বামীয়ে বন্ধ্যাকৰণ কৰালে ।
                    
✍🏻সুশীলা ৰাজবংশী
    এথেলুড চাহ বাগিচা,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)