নীলাখামৰ এখনি ধুনীয়া চিঠি কেৱল তোমালৈ -হিৰণ্যময়ী বৰুৱা

Aditi Tanti
0
প্ৰতি,
অতি মৰমৰ মোৰ প্ৰীতি
প্ৰথমে মোৰ আন্তৰিক  হিয়াভৰা মৰম ল'বা ।তোমাৰ মৰমে মোক আজিও জীয়াই ৰাখিছে । তোমাৰ স'তে বহুত কথা পাতিবলৈ আছে ।
কেৱল তোমাৰ স'তে। তুমিযে মোৰ অতিকে প্ৰিয়, বুকুৰ আপোন ।হৃদয়ৰ কথাবোৰ কেৱল তোমাৰ স'তেহে  পাতিবলৈ আশাৰে বাট চাই থাকো ।সেইয়া আশাধাৰী প্ৰাণীৰ কথা।মানে কথাতে কয় আশাধাৰী প্ৰাণী--আশাই 
নিয়ে টানি।তোমাৰ  ধুনীয়া চকুযুৰিয়ে 
বহুত কথা কয়--হেঁপাহৰ-প্ৰেমৰ-আৰু 
জীয়াই থকাৰ প্ৰেৰণা  দিয়ে ।বিশেষকৈ মোৰ বাবে তুমি স্বৰ্গীয় এপাহি গোলাপ ফুল।তোমাৰ আৱেগ 
সহানুভূতি লৈ সদায়ে  আশাৰে বাট চাই ৰ'ও।তুমি মোৰ হৃদয়ৰ সপোনৰ দুৱাৰ,তোমাৰ প্ৰেমেৰে আজিও  জীয়াই আছো--জীয়াই থকা কেইদিন 
তোমাৰ স'তে সকলো কথাৰ দুখ-সুখৰ সঙ্গী হিচাপে পাতিব পাৰিম।
তুমি মোৰ; মই তোমাৰ ।  তোমাৰ মিঠা হাঁহিটি আজিও পাহৰি যোৱা নাই।এই মিঠা হাঁহিত যেন প্ৰেমৰ মাদকতা লুকাই আছিল এনে লাগে।
বহুত দিন পাৰ হৈ গ'ল।তোমাৰ খবৰ 
মই লোৱাহে নাই -তুমিও দেখোন আমাৰ অতীতৰ কথা এবাৰো মনত 
পেলোৱা নাই।  তুমি কুশলে আছানে?
ময়ো জীয়াই থাকিব লাগে বুলিয়ে জীয়াই আছো।
তোমাৰ দীঘল চুলিটাৰিৰ গোন্ধ আজিও  মোৰ নাকৰ পৰা আঁতৰি যোৱা নাই।  লগ পালে বহুতো কথা পাতিম। তুমি বাৰু একে আছানে?তোমাৰ নীৰৱতা আৰু অমায়িকতাই 
তোমালৈ মনত পেলায় বাৰে-বাৰে।
তোমাৰ জানো মোলৈ বাৰু অলপো মনত নপৰেনে?
অ'এটা কথা তোমাৰ ঠিকনাটো বহুত কষ্ট কৰি সংগ্ৰহ কৰি আনিছো।  পত্ৰখনিৰ উত্তৰ দিবলৈ নাপাহৰিবা ।

 ইতি 
তোমাৰ মৰমৰ
 নীলা


লেখকৰ পৰিচয়ঃ হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)