অবিৰত চিৰন্তন-সীতা দেৱী

©Admin
0
স্মৃতিৰ পাত লুটিয়াই,
আজি বিচাৰি পালোঁ,
যন্ত্ৰণা কাতৰ এমুঠি জীয়া আবেগ।
মোৰ উৰুখা পঁজাত ,
 বেদনাৰে ভৰা নিসঙ্গ ৰজনী।
অশ্ৰুসিক্ত ব্যৰ্থ প্ৰেমৰ কৰুণ গাঁথা,
সপোনৰ বালি ঘৰ,
থানবান ধুলিয়াৰি হেঁপাহ।
ধিমিক ধামাক জ্বলা ধূসৰ চাকি,
কুৰুকি কুৰুকি খোৱা এগাল তেজপিয়া।
দুখৰ এবুকু অগ্নি শিখা,
নিৰৰ্থক অনুভূতিৰ নিৰ্লিপ্ত যাতনা।
তৰাং জীৱন নদী,
খৰাং হাবিয়াসৰ জোনাক বিহীন আশা।
শব্দৰ বোকোছাত উকা সপোন,
কোনে দিব বাৰু সময়ৰ খতিয়ান?
কলিয়া ডাৱৰ সদৃশ কঠিন জীৱন,
অবিৰত চিৰন্তন... !!!

✍️সীতা দেৱী 
বিহপুৰীয়া, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)