লাচিতৰ অসমত
আজি দেখিছো মই
দেহত তেজ-বল নাই,
গপত গঙ্গাটোপ হৈ
ওফন্দি থাকোতেই
দেশ-জাতি যায় যেন যায় ।।
ৰণৰ ঘোঁৰা বিকিলা
লাচিতৰ গড় ভাঙিলা
সতী-জয়াৰো কাঢ়িলা প্ৰাণ,
সেই লালুকসোলাৰ
দৰেই মন্ত্ৰণা কৰি
কাটিছা অসমীৰ কাণ ।।
মইও গদাপাণিৰ নাম লৈ
অনাচাৰীৰ বিৰোধী হৈ
নগা পাহাৰলৈ যাম,
সততাৰ সেনাবলৰ
লগত উলতি আহি
উদ্ধাৰিম জননীৰ মান ।।
যদিও মোৰ মনত
ভাবিছো তেনেকৈ
সঁচা মানৱতা জানো আছে ?
ধনৰ লালসাত পৰি
মইও গ'লো আজি
অন্যায়-অনীতিৰ পাছে ।।
ধন থাকিলেহে
মান-সন্মান সকলো
পাবা সমাজত থাকি,
ধনবল-বাহুবল
সকলো আছে যদি
সেইয়াই আল্লাউদ্দিনৰ চাকি ।।
উচ্চ শিক্ষাৰে
শিক্ষিত নহ'লেও
যদি ধনৰ চন্দুক আছা ধৰি,
দুখীয়া-সুখীয়া
সকলো থাকিব
তোমাৰ দুই চৰণত পৰি ।।
তাৰেই গইনা লৈ
মুনাফা লোৱা তুমি
ধন কুবেৰৰ দৰে,
ধনৰ ৰাগিনীত পৰি
কেনেকৈ তুলিলে পিতা-মাতাই
সেয়া জানো মনত পৰে ?
বৃদ্ধ পিতৃ-মাতৃক
আবৰ্জনা জ্ঞান কৰি
অপবিত্ৰ কৰা বসুন্ধৰী
পৰিচৰ্য্যাৰ ভয়ত
বৃদ্ধাশ্ৰমত থৈ
কৰা বৰ বৰ চাকৰি ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ