ৰঙালী বিহু-ৰুবিম্মীতা সান্দিল‍

©Admin
0
আৰম্ভণি: বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। বিহু অসমীয়া জাতিৰ বাপতিসাহোন। বিহু তিনিটা। ব'হাগ বিহু বা ৰঙালী বিহু,কাতি বিহু বা কঙালী বিহু,মাঘ বিহু বা ভোগালী বিহু। তলত ৰঙালী বিহুৰ বিষয়ে আলোচনা কৰা হ'ল- ৰঙালী বিহু: ৰঙালী বিহু বসন্ত ঋতুৰ আগমনৰ লগে লগে পালন কৰা হয়। ৰঙালী বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। ইয়াৰ উপৰিও ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলিও কোৱা হয়। ৰঙালী বিহু চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব'হাগৰ ৬ তাৰিখলৈ পালন কৰা হয়। চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু। সেই দিনা গৰুক মাহ-হালধিৰে গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। দীঘলতি মাখিয়তী পাতেৰে কোবাই গৰুক গা ধুওৱা হয়। সেই দিনা মানুহে মাহ হালধি আৰু আমেৰে গা ধুলে অপায়-অমংগল দূৰ কৰা হয়।১ ব'হাগৰ দিনা মানুহ বিহু। সেই দিনা মানুহে সৰুৱে-ডাঙৰক সেৱা কৰে আৰু বিহুৱান দিয়ে।২ ব'হাগ ৰ দিনা গোসাঁই বিহু। সেই দিনা গোসাঁইক নতুন বিহুৱান দিয়ে। গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ কৰা হয়। চতুৰ্থ দিনা তাতৰ বিহু পালন কৰা হয়। পঞ্চম দিনা নাঙল বিহু। সেই দিনা পথাৰত নমাৰ পূৰ্বে সা-সঁজুলি সমূহৰ ওচৰত চাকি জ্বলায় বছৰটোৰ কাৰণে প্ৰাৰ্থনা কৰা হয়। ষষ্ঠ দিনা চেনেহী বিহু পালন কৰা হয়। বিহুৱান দিয়ে আৰু বিহু গীত হুঁচৰি গীত গোৱা হয়। সপ্তম দিনা চেৰা বিহু পালন কৰা হয়। সেই দিনা বিহুৰ অন্ত পৰে। ৰঙালী বিহুৰ সময়ত বিভিন্ন ধৰণৰ খেল খেলা হয়। ইয়াৰ ভিতৰত অন্যতম হ'ল কড়ি খেল।কড়ি খেল প্ৰজননৰ প্ৰতীক। 
সামৰণি: বিহু অসমৰ জাতীয় উৎসৱ। আদিম সময়ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে চলি আছে আৰু চলি থাকিব। বিহুই অসমীয়া জাতিটোক একতাৰে বান্ধ খায় ৰখাত সহায় কৰে।

ৰুবিম্মীতা সান্দিল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)