নামেই যাৰ পূৰ্ণ অৰ্থ ।
সেইবুলি তাই নহয় বেহেস্তৰ পৰী নাইবা
হিন্দী বোলছবিৰ মোহময়ী অভিনেত্ৰী ;
যাৰ কঁকাললৈ ওলমি থকা ক'লা চুলিটাৰিত
অযুত তৰাৰ স্বপ্ন লুকা-ভাকু খেলে।
কিন্তু, নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস !
এদিন তাই দুৰাৰোগ্য ব্যাধিত হ'ল আক্ৰান্ত ।
তাইৰ মস্তিষ্কৰ স্নায়ুতন্ত্ৰ লাহে লাহে হ'ল নিষ্ক্ৰিয়,
সৰ্বশৰীৰৰ গতি- সঞ্চালন হ'বলৈ ধৰিলে স্তিমিত,
বাক-ইন্দ্ৰিয় হৈ পৰিল ধীৰে ধীৰে স্থবিৰ,
ক'লা চুলিটাৰি মৰাপাটৰ দৰে শুকাই গ'ল ।
দুচকুত মৰি মৰি জী থাকিল এটি দীঘল সপোন !
ছায়েৰা আহমেদে এতিয়া লতা হৈ বগাব বিচাৰে :
প্ৰাণ প্ৰিয়তম পতিদেৱতাৰ বুকুলৈ ,
সুশিক্ষিতা সন্তান দুটিৰ কান্ধলৈ,
সহোদৰ ভাতৃ-ভগ্নীৰ হাত দুটি খামচি ধৰিবলৈ,
শ্ৰধাস্পদ ব্যক্তিসকলৰ চৰণ চুমিবলৈ।
কিন্তু, হায় ! নিষ্ঠুৰ মানুহৰ হৃদয় নগলিল!
পাষাণ আল্লাহৰ বুকু অকণো কঁপি নুঠিল !
অথচ, ছায়েৰা আহমেদৰ বুকুৰ বোবা ক্ৰন্দন শুনি
গছ-লতা-তৰু-তৃণ ফেঁকুৰি ফেঁকুৰি কান্দি উঠিল ,
বনৰ চৰাইটি আকাশলৈ ডেউকা মেলি উৰি উৰি তুলিলে কৰুণ বিননি !
শিলৰ বুকু ফাটি বৈ গ'ল দুখৰ নিজৰা -------
নদীখনে থমকি উঠি কৰিলে ওভতনি যাত্ৰা ------
বেদনা সহিব নোৱাৰি ভুইঁকপে জোকাৰণি তুলিলে,
আগ্নেয়গিৰিৰ লাভা উদ্গীৰিত হৈ বনত জুই জ্বলিল !
এতিয়া তাই ওঁঠদুটি কঁপাই অনবৰত বিৰবিৰকৈ কয় :
ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত ---------
" মৰিতে চাহিনা এই সুন্দৰ ভূৱনে,
মানৱেৰ মাঝে আমি বাঁচিবাৰে চাই। "
মানুহে কিয়বা জন্মে এই ধৰণীৰ বুকুত ?
কিয়বা ইমান দুৰ্বিসহ জীৱন যাতনা ?
মানুহৰ মৃত্যুই কিয়নো হয় ?
তাতকৈ দেখোন নজন্মাই ভাল আছিল !
ছায়েৰা আহমেদৰ বুকুৰ বোবা ক্ৰন্দন
ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি যায় !!
অব্যক্ত অনুভৱ🙏🙏🙏
ReplyDelete