অসম গৌৰৱ: জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন-চিন্ময় ডেকা

©Admin
0
"ৰাতি হ’লে
সূৰ্য্য হেনো
নামি আহে এই নদীয়েদি।"
        অসমীয়া ভাষাৰ কবি, সমালোচক, অধ্যাপক লগতে সাহিত্যিক নীলমণি ফুকনৰ জন্ম চন ১০ছেপ্টেম্বৰ ১৯৩৩ দেৰগাঁও, অসমৰ গোলাঘাট জিলাত। উল্লেখ্য যে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামীৰ পিছত কবি নীলমণি ফুকন হৈছে অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী জনপ্ৰিয় কবি তথা সাহিত্যিক। নিজস্ব অনবদ্য সৃষ্টিৰাজিৰে অসমীয়া কবিতাক বিশ্বজনীন কৰি তোলা বিশিষ্ট কবি অৰ্থাৎ 'গোলাপী জামুৰ লগ্ন' ৰ বিশিষ্ট কবি নীলমণি ফুকন হৈছে অসমীয়া সাহিত্যত "কবিতা" ৰ বাটকটীয়া। তেখেতৰ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ ভাৱ সুদূৰ প্ৰসাৰী। তেখেতৰ উল্লেখযোগ্য কবিতা পুথি সমূহ- "সূৰ্য হেনো নামি আহে এই নদীয়েদি" ১৯৬৩, "নিৰ্জনতাৰ শব্দ" ১৯৬৫, "আৰু কি নৈঃশব্দ্য" ১৯৬৮, "জাপানী কবিতা" ১৯৭১, "ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে" ১৯৭৩, "কাঁইট গোলাপ আৰু কাঁইট" ১৯৭৫, "গোলাপী জামুৰ লগ্ন" ১৯৭৭, "গাৰ্থিয়া লৰ্কাৰ কবিতা" ১৯৮১, "নৃত্যৰতা পৃথিৱী" ১৯৮৫, "অলপ আগতে আমি কি কথা পাতি আছিলোঁ" ২০০৩, ইতাদ্দি। লগতে নীলমণি ফুকন দেৱৰ আত্মজীৱনী মূলক গ্ৰন্থ "পাতি সোণাৰুৰ ফুল পাহৰিব নোৱাৰিলো যি" ২০১৮ চনত প্ৰকাশিত। অসমীয়া সাহিত্য জগতত তেখেতৰ উল্লেখযোগ্য সৃষ্টিৰাজি সমূহৰ ভিতৰত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, 'নিৰ্জনতাৰ শব্দ' আৰু ‘গোলাপী জামুৰ লগ্ন’ এই তিনি গ্ৰন্থ'ই পাঠক সমাজৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছে। তেখেতে 'কবিতা' শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে ১৯৮১ চনত "সাহিত্য অকাডেমি বঁটা" লাভ কৰে৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ তৰফৰ পৰা 'শ্ৰেষ্ঠ সাহিত্যিক' সন্মান ২০০২ চনত লাভ কৰে৷ লগতে কবি গৰাকীক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধিৰে বিভূষিত কৰে। কবি নীলমণি ফুকন দেৱে জ্ঞানপীঠ বঁটা লাভ কৰা খবৰে সকলো অসমবাসী তথা যুৱপ্ৰজন্ম‌ৰ মাজত অনাবিল সুখৰ আচ্ছাদন বিয়পাই গৌৰৱান্বিত কৰে। "কবিতা" ক বিশ্ব ঐতিহ্যৰ ক্ষেত্রত'লৈ আগবঢ়াই নিয়াত চিৰযুগমীয়া হৈ অসমৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী হিচাপে পৰিগণিত হৈ ৰ'ব। তেখেতৰ আদর্শৰে অনুপ্রাণিত হৈ আমাৰ দৰে নৱপ্ৰজন্মৰ সদায় আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ। লগতে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।


চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)