এখন অসম্পূৰ্ণ দলং আৰু এটা দুৰ্ঘটনা।
নদীখনৰ গতি মাজে মাজে সলনি হয় ;
কেতিয়াবা তৰাং, খৰস্ৰোতা,
কেতিয়াবা ধীৰ, স্থিৰ।
পানীৰ বৰণো প্ৰায় পৰিৱৰ্তন হয়;
কেতিয়াবা শেঁতা মেঘৰ দৰে,
কেতিয়াবা ঘোলা কণীৰ দৰে,
কেতিয়াবা স্বচ্ছ স্ফটিকৰ দৰে,
কেতিয়াবা আকৌ তেজেধোঁৱা।
নদীখনৰ ওপৰত দলঙ সাজিবলৈ
মন্ত্ৰী- বিষয়াই পথৰ ধূলি উৰুৱাই অহা যোৱা কৰে
এদিন দিন-বাৰ -তিথি চাই আধাৰশিলা উন্মোচন কৰে ;
ঢোলে -ডগৰে নৈপৰীয়া ৰাইজে মন্ত্ৰীক আদৰে।
এতিয়া এইবোৰ পুৰাণৰ সাধু সাধু লাগে !
আধাৰশিলাক উঁই-হাফলুৱে ঢাকি ধৰি কালিকালগা হ'ল !
টুলুঙা নাৱেৰে নৈপৰীয়া ৰাইজে অহা যোৱা কৰে।
সিদিনা আবতৰীয়া বৰষুণ আৰু ধুমুহাত
নদীখনে ধাৰণ কৰিলে প্ৰচণ্ড ৰণচণ্ডী মূৰ্তি ----
বুঢ়া বাপেকে পুতেকক চিঞৰিলে ,
" বোপাই ঐ এই কুমঙ্গলীয়া দিনত নেযাবি ঐ
টুলুঙা নাৱেৰে শনিবৰীয়া হাটত "
"কৰ পৰা আনিলা ঐ যখিনী বোৱাৰী
পাহুৱাল তেজাল ডেকাটোৰ মূৰটোকে খালে,
তাইৰ কপালৰ সেন্দুৰ ভৰিৰে মোহাৰি দিয়া "
দিন-ৰাতি একাকাৰ কৰি দুৰ্বাদল কাজিয়া কৰা
ৰাম- ৰহিম একেলগে কোৱাল সোঁতত উটি ভাঁহি গ'ল!
বুঢ়ীজনীৰ মৰা শ দেখি ছাগলীজনী বেবাই থাকিল,
ৰামলালৰ কুকুৰটোৱে মাটিত বহি কু কুৱাই উঠিল।
এতিয়া নদীখনৰ পাৰে পাৰে এক জয়াল ভয়াৱহতা
অতৃপ্ত আত্মাৰ এক কৰুণ আৰ্ত চীৎকাৰ !
শূন্যত ওলমি আছে মাথোঁ এখন অসম্পূৰ্ণ দলং।
নৈৰ পাৰত গোট গোটকৈ লিখা আছে
এখন উজ্জ্বল ফলক :
এখন অসম্পূৰ্ণ দলং আৰু এটা দুৰ্ঘটনা !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ