ৰোমন্থন-মিনাক্ষী দত্ত

©Admin
0
মনত পৰে তোমালৈ , অতীতৰ  সেই 
মধুময় দিনবোৰ লৈ,
মনত পৰে কলেজৰ ক্লাছৰুমৰ সম্মুখত 
ফুলি থকা ৰঙা জবাজোপালৈ ।
য'ত তুমি আৰু মই..........
পাৰ কৰিছিলো বহু  সময়।
কেতিয়াবা ভৱিষ্যত পৰিকল্পনাৰে আৰু
কেতিয়াবা নিঃশব্দতাৰে....নিৰবতাৰে।
হঠাৎ টং  টং বেলৰ শব্দত 
আমাৰ সপোন ভাঙে ,
উভতি আহো ক্লাছৰুমলে   ।
মনত পৰে বৰুৱা চাৰৰ
ৰোমাণ্টিক  কবিতাৰ সাৰাংশ  ভাঙনিলে ,
কবি কবি যেন লগা চাৰৰ
গহীন মুখখনিলে ।
ভাব হয় যেন আমিও এদিন....
ভাঙিব পাৰিম  জীৱন-যৌৱনৰ
কংক্ৰীটময় প্ৰাচীৰ !
দিন যায়  ৰাতি হয় সদায় ,
সময়েও বাগৰ সলায়।
ঈশ্বৰে দিয়া জীৱন লিপিৰে,
আমিবোৰ যাওঁ নিজৰ বাটেৰে ।
পাৰাপাৰ হীন  জীৱন নদীৰ ঘাট,
এতিয়া মাথোঁ স্মৃতিৰ এখিলা পাত   ।।

মিনাক্ষী দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)