মোৰ বুকুত ঢৌ তুলিছে
মহাসাগৰৰ জোঁৱাৰে
মোক আকাশলৈ লৈ গৈছে
আজি মোৰ কবি মনটোৱেও
হেঁপাহৰ দৌল সাজিছে
কাব্য ঋষিয়ে মোক কৈছে:
"কেনে আছোঁ মোক নুসুধিবা
ময়ো মোক সোধা নাই
কলঙেদি উটি আহে মুণ্ডহীন
এজনী ছোৱালী
যোৱা ৰাতি মই কি আছিলো
ৰজা সন্ন্যাসী কৃষক শ্ৰমিক
প্ৰেমিক নক্সাল কবি
চিকাৰৰ
পানী বিচাৰি ফুৰা এটা
বাঘ
কি আছিলো পাহৰিলোঁ"
মই শুনিছো
আপ্লুত হৈছো
মইও কবি
হব খুজিছো
বাস্তৱ কথাবোৰক
কলাৰে সজাইছো
কাৰণ আজি জ্ঞানপীঠত
কাব্য ঋষিক দেখিছো
কাব্য ঋষিৰ
তপস্যা দেখিছো
সেয়ে মোৰো বুকুত
কবিতাই ঢৌ তুলিছে
মোৰো কবি মনটোৱে
হেপাহৰ দৌল সাজিছে