ব'হাগৰ বতৰ-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
2
অসমীয়াৰ বাবে ঊষাৰ কিৰণ
অতিকৈ চেনেহৰ ব'হাগৰ বিহু
গছৰ ডালত কপৌ ফুলিল
লাজুকীয়া কুলিজনীয়েও
গছৰ পাতৰ আৰে আৰে বিনালে
গছৰ সৰাপাতবোৰ সৰি
মৰহি গ'ল যদিও......
গছৰ ডাল ভৰি পৰিল
ন ন কুঁহিপাতে.....।
শীতৰ লঠঙা গছবোৰক যেন
বসন্তই প্ৰেমভৰা চুমা যাচে
নাহৰ,তগৰ,কপৌ
নানাৰঙী ফুলে সুৰভী বিলাই
মোৰ মন ৰাংঢালী কৰে।
ঢেঁকীৰ শালৰ মাত
ঢোল পেঁপাৰ মাত
চঞ্চল ডেকা গাভৰুৰ
গা ৰাই জাই কৰিছে 
প্ৰেমৰ ৰাগীয়ে উতনুৱা কৰে
সকলোৰে মন প্ৰাণ
এয়াইতো ব'হাগৰ বতৰ।।

দিপশিখা ৰাজকোঁৱৰ l

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আগৰ সংখ্যা ৰ কবিসকলৰ কবিতা পঢ়ি আপ্লুত হ,'লোক

    ReplyDelete
  2. কবিসকলৰ কবিতা অতি উচ্চ খাপৰ বুলি মনে ধৰিছে। সেযে মোৰ নিজৰ কবিতা মূল্য হীন বুলি ভাব হৈছে। অসমৰ কাব্য জগত ৰূপে ৰসে মহিমা মণ্ডিত হৈ উঠক। এই কামনাৰে সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা জনালোঁ। ৰেণু শৰ্মা, ডিব্ৰুগড়

    ReplyDelete
Post a Comment