ব'হাগ আহিব-গৌতম মালাকাৰ

Rinku Rajowar
0
ভাবিছিলোঁ ব'হাগ আহিব,
উৰুৱাই নিব অৰণ্যৰ আবিলতা
আৰু আমি হেৰাই যাম
পৌৰাণিক আখ্যানৰ বিনন্দীয়া গভীৰতাত...

ভাবিছিলোঁ ব'হাগ আহিব,
নানা ৰঙী ফুলৰ সৌন্দৰ্য‌্যই বিমোহিত কৰিব
আৰু মালী‌ৰ নিস্বাৰ্থ সেৱাত 
ম্লান পৰিব ন-ন কীটৰ কিল্‌কিলনি...।

ভাবিছিলোঁ ব'হাগ আহিব,
হৃদয়ত জগাব বিপ্লৱৰ চেতনা
আৰু ইমূৰৰ পৰা সিমূৰলৈ বাজি উঠিব
শূন্য ভিক্ষা-পাত্ৰৰ বিষণ্ণতা ধুই নিয়া খং-শিঙা।

ভাবিছিলোঁ ব'হাগ আহিব,
নিজকে আকৌ এবাৰ বিচাৰি চাম
সমাজ বিদ্যাৰ ভিন ভিন সূত্ৰৰ বিশ্লেষণত
বা ঢৌৰ স'তে যুঁজি থকা নৈৰ ক্লান্ত পাৰত...


✍️ গৌতম মালাকাৰ
           কৰিমগঞ্জ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)