ধাৰাবাহিক উপন্যাস আৰ্তনাদ খণ্ড নং ১০ - বিটুমনি কোঁছ

Aditi Tanti
0
 জীৱনৰ বাটত স্বচ্ছন্দে সন্তান দুটি বুকুত বান্ধি আগবাঢ়ি যাবলৈ দিশহীন চিন্তাই মোক আৱৰি ধৰিলে।
মন্দিৰৰ একেবাৰে তলৰ চিৰিটোত মই বহি পৰিলোঁ। ভগৱানৰ মন্দিৰত সোমাবলৈ মোৰ সাহস নহ'ল। এক অদৃশ্য ভয়ত মই কোচখাই ৰৈ গ'লোঁ।নিজকে অপৰাধী আৰু অপবিত্ৰ ভাবটোৱে মোক অস্থিৰ কৰি তুলিলে।

মাজনী ভাইটিক লৈ যা। ওপৰত ভগৱানৰ মূৰ্তি ধূপ জ্বলাই দুয়োটাই ভগৱানক প্ৰাৰ্থনা কৰিবি । এই সময়ত একমাত্ৰ ভগৱানেই আমাৰ সহায়।

মা ,আপুনিও যাব লাগিব। ল'ৰা ছোৱালী দুটাই জেদ ধৰিলে।

মোৰ মূৰটো ঘূৰাইছে মই ইয়াতেই বহি থাকিম। সিহঁত দুটা চিৰি বগাই ওপৰলৈ উঠি গ'ল।

মন্দিৰৰ পৰা এজন-এজনকৈ ভক্ত উভতি আহিছে।কোনোবাজন ভগৱানৰ দৰ্শনৰ হেতু উত্ৰাৱল হৈ ঢাপলি মেলিছে।কোনেও অসুবিধা নোপোৱাকৈ মই একেবাৰে তলত থকা চিৰি ডালৰ এটা কোণত নিজকে লুকুৱাই বহি আছোঁ।

আপোনাৰ কিবা অসুবিধা হৈছে নেকি ? হঠাৎ মোৰ সন্মুখত এজন ভক্তই কোৱা কথাষাৰত চিন্তাত গধুৰ মূৰটো দাঙি মাত্ৰ মূৰ জোঁকাৰি একো হোৱা নাই বুলি তেওঁক বুজালোঁ।

তেনেহ'লে এই স্থানত ইমান বিষন্নমনেৰে বহি আছে কিয়?

অচিনাকি মানুহজনৰ ওপৰত প্ৰচণ্ড খং এটা উঠি আহিল। যদিও নিজকে সংযত কৰি উত্তৰ দিলোঁ।

মোৰ ল'ৰা ছোৱালী হাল মন্দিৰত ধূপ জ্বলাবলৈ গৈছে।

দায়িত্বত মহত্ব আছে।ল'ৰা ছোৱালী হালৰ লগত আপুনিও ভগৱানৰ দৰ্শন কৰা কথা নাভাবিলে।

এজন অচিনাকি মানুহৰ আগত কোনো ধৰণৰ কথা কোৱা মই প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। হ'লেও তেওঁৰ কথাত যুক্তি আছে।সেয়েহে নীৰৱতা অৱলম্বন কৰি বহা ঠাইতে বহি থাকিলোঁ।

জীৱন যুদ্ধত ব্ৰতী হ'ব খোজা মানুহৰ মনত দায়বদ্ধতা থাকিব লাগিব। কথাষাৰ কৈ মানুহজন আঁতৰি গ'ল।

কি আচৰিত এই পুৰুষ জাতিটো। নাৰী দেখিলেই কাষ চাপি আহে। ল'ৰা ছোৱালী হাল ইমান দেৰি আহিব লাগিছিল। বুকুৰ মাজত এটা ডাঙৰ শব্দ হ'ল।

দায়িত্বত মহত্ত্ব আছে।এইয়াই যদি সঁচা হয়।ভগৱানৰ ওচৰলৈ মই যোৱাত অপৰাধ কি থাকিব পাৰে।

ওপৰলৈ মূৰ তুলি মন্দিৰৰ তোৰণ খনলৈ চালোঁ। বতাহত হালিছে জালিছে। তপত চকুলোঁ বৈ আহিল। বুকুত হাত দি ভগৱানক স্মৰণ কৰি কলোঁ, প্ৰভূ তোমাৰ এই পবিত্ৰ স্থানত মোৰ স্থান নাই।মোৰ সন্তান দুটিৰ বাবে এপলক তোমাৰ চৰণত বহিছোঁ। মোক ক্ষমা কৰিবা।

মোৰ কাষেৰে ওপৰলৈ উঠি যোৱা গেৰুৱা বস্ত্ৰ পিন্ধা পূজাৰী জনৰ হাতৰ ৰূদ্ৰাক্ষ মালা ডালৰ পৰা এটা মণি বাগৰি বাগৰি মোলৈ আগবাঢ়ি আহিছে।

ধন্য প্ৰভু ! মণিটো বুকুত সযতনে সাৱটি মই আৱেগিক হৈ পৰিলোঁ।

মা, মা ল'ৰা ছোৱালী হাল তললৈ নামি আহিছে। বহুত দিনৰ মূৰত যেন সিহঁতৰ মুখত হাঁহি দেখা পালোঁ। ছোৱালীজনীয়ে দিয়া ভগৱানৰ প্ৰসাদ হাত পাতি ললোঁ। নতুন আলহীজনে মোৰ পেটত হাত ভৰি মাৰি আক্ষেপ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিলে।জীৱনৰ তাগিদাত মই অৱহেলিত কৰা মোৰ তৃতীয় সন্তানে নিজৰ উপস্থিতি জাহিৰ কৰিলে। 


বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)