বতৰৰ অপেক্ষা -ৰেজিনা পাৰবিন

Aditi Tanti
0
 চৰকাৰী চাকৰিৰ মহঙা দিনতেই গ্ৰেজুৱেচন কৰিয়েই বিদ্যুৎ আৰু বিভাস দুই চুবুৰীয়া নলে-গলে লগা বন্ধুৱে সুযোগ পালে এটা চৰকাৰী বিভাগত তৃতীয় বৰ্গৰ পদত চাকৰি কৰাৰ। বিদ্যুতে কিবা এটা উচ্চ পদবীত সংস্থাপন নোহোৱালৈকে সেইটো পদতেই যোগদান কৰাৰ সিদ্ধান্ত লৈ যোগদান কৰিলে যদিও উচ্চাভিলাষী, চাকৰিয়াল দম্পতিৰ একমাত্ৰ দুলাল বিভাসে একে ঢাপতে প্ৰথম বৰ্গৰ পদত অধিষ্ঠিত হোৱাৰ হেঁপাহত পোনচাটেই নাকচ কৰিলে সেই সুযোগ। অৱশ্যে নাকচ কৰাৰ কাৰণো আছিল তাৰ। কিয়নো, শাসকীয় দলৰ বহু বাঘা বাঘা, নেতা-পালিনেতাৰ লগতে উচ্চ পদস্থ বহু বিষয়া-আমোলাৰে,তাৰ মাক-দেউতাকৰ আছিল যথেষ্ট ঘনিষ্ঠতা। তেনেস্থলত সি মনে বিচৰা বিভাগ এটাৰ লোভনীয় পদ এটা পোৱাৰ সম্ভাৱনা আছিল যথেষ্ট। তাতেই আকৌ ইতিমধ্যে পিছ দুৱাৰেদি তাঁত-বাটি কাঢ়ি কাঢ়ি প্ৰায় নিৰানব্ৱৈ শতাংশ নিশ্চিতও পাইছিল অচিৰেই চাকৰিটো পোৱাৰ।
           চাওঁতে চাওঁতে সময় বাগৰিল। বিদ্যুতে চাকৰি কৰি নিজক সম্পূৰ্ণ সংস্থাপিত কৰিলে । আনফালে, বিভাসে চাকৰিৰ আশাত, পিতৃ-মাতৃৰ সঞ্চিত টকাবোৰ সোঁৱে-বাঁৱে ছটিয়াই-ছটিয়াই, নেতা-পালিনেতাৰ লগতে বিষয়া-আমোলাক সন্তুষ্ট কৰি কৰি, আজি হ'ব, কালি হ'ব বুলি, আশাত বন্দী হৈ থাকোঁতে থাকোঁতে কেতিয়ানো পাঁচ-ছয় বছৰ উকলিল গমকেই নাপালে।
          দিনো বাগৰিল, সময়ো সলনি হ'ল। পিতৃ-মাতৃ দুয়োৱে অৱসৰ পালে। ইফালে একেৰাহে দহবছৰ শাসনত থকা চৰকাৰখনৰো পতন হৈ শাসনলৈ আহিল আন দলৰ চৰকাৰ। চৰকাৰী কাম-কাজ, নীতি-নিয়মৰ লগতেই সলনি হ'ল বিভাসৰ চিনাকি বিষয়া-আমোলাকে ধৰি পিছ দুৱাৰেদি সংযোগ ৰখা অধিকাংশ লোকৰ। কোনোৱে যদি অৱসৰ ল'লে , কোনো হয়তো বদলি হ'ল আন বিভাগ বা ঠাইলৈ। আকৌ কোনো দুই-এজনৰ মৃত্যুও হ'ল। তেনেস্থলত নিৰ্বাপিত হ'ল বিভাসৰ চাকৰি লাভৰ সকলো সম্ভাৱনা ও আশা। ইফালে বিভাসৰ জীৱিকাহীন অৱস্থাতেই পিতৃ- মাতৃয়েও অগা-পিচাকৈ ইহ সংসাৰৰ পৰা মেলানি মাগাত , চাকৰিৰ নামতেই ইতিমধ্যে সঞ্চয়ৰ ভাণ্ডাৰো উদং হোৱাত, নিজাকৈ ব্যৱসায়-বাণিজ্য কৰি উপাৰ্জন কৰিবলৈও হাতত নʼৰল এটাও ফুটাকৰি। গাড়ী-মটৰ অবিহনে এখোজো নিদিয়া বিভাসৰ পিতৃ প্ৰদত্ত চাৰিচকীয়া-দুচকীয়া বাহনবোৰো পাৰিচাৰ্য্য আৰু ব্যৱহাৰৰ অভাৱত লাহে লাহে পেলনীয়া হ'লগৈ। এসময়ৰ আটোম-টোকাৰী ঘৰটোও ৰং-মেৰামতিৰ অভাৱত জহি-খহি গ'ল। তাতেই আকৌ যথেষ্ট স্বাভিমানী বিভাসে কাৰো কৰুণা বা সহায় নিবিচৰাত চকুৰ পচাৰতে এসময়ৰ বিভাসৰ বিলাসী জীৱন শূণ্যত মিলিত হৈ "পানীত হাঁহ নচৰা"ৰ দৰে অৱস্থা হ'ল। আনফালে, একে লগৰে বিদ্যুতে তাহানিতেই সোমাই লোৱা চাকৰিটোৰ পৰাই সময়ৰ লগে লগে বিভাগীয় পৰীক্ষাবোৰ দি দি পদোন্নতি হৈ হৈ প্ৰথম বৰ্গৰ বিষয়া হ'লগৈ। উচ্চ দৰমহাকে আদি কৰি প্ৰয়োজনীয় সুবিধাবোৰ পোৱা বিদ্যুতে দোপত-দোপে উন্নতি কৰি এসময়ৰ বিভাসৰ দৰে বিলাসী জীৱন কটাব পৰা হ'ল।
          অৱশেষত যেনিবা ভাটি বয়সত নিকতাত্মীয় আৰু এসময়ৰ নলে-গলে লগা বন্ধু বিদ্যুতৰ নেৰা-নেপেৰা প্ৰচেষ্টাৰ লগতে বিভাসৰো প্ৰয়োজনীয় অৰ্হতা খিনি থকাত, বিদ্যুতৰ তলতীয়া হিচাপে সৌ তাহানিতে পাইও যোগদান নকৰা একেটা পদতেই নিযুক্ত হৈ জীৱনটো সম্পূৰ্ণ ধ্বংস হোৱাৰ পৰা কোনোমতেহে ৰক্ষা পৰিল। মুদ্ৰাস্ফিতীয়ে কোঙা কৰা দিনত অন্ততঃ আনৰ ওচৰত হাত নপতাকৈ কোনোমতে সাধাৰণভাৱে চলি যাব পৰাকৈ বিভাসৰ জীৱনলৈ কিছু স্বচ্ছলতা অহাত তাৰ জীৱনটো চিজিল লগাবলৈ আত্মীয় তথা বন্ধু-বৰ্গৰ সহযোগত অৱশেষত বিভাসে বিয়াখনো পাতিলে। দুয়ো বন্ধুৰ বন্ধুত্ব একে থাকিল যদিও বিভাসৰ জীৱন চিজিল লগালৈ বিদ্যুতৰ সংসাৰৰ লগতেই উন্নয়নৰ স্তম্ভলেখে অৱস্থান কৰিলে বিভাসৰ পৰা ডিঙি মেলা দূৰত্বত।
          বিভাস-বিদ্যুতৰ চাকৰি সংক্ৰান্তীয় ঘটনাটো ওচৰ-চুবুৰীয়াৰ লগতে সিহঁতৰ প্ৰায় ভাগ বন্ধু-বান্ধৱেই জানিছিল বাবে পিছৰ চামৰ ল'ৰা- ছোৱালী বোৰক তেওঁলোকে বিদ্যুত-বিভাসৰ উদাহৰণেৰে প্ৰায়েই বুজনি আৰু উপদেশ দিয়ে-----
         
       "ভাল বতৰৰ অপেক্ষাত খাপ পিটি পিটি ৰৈ থকা জনতকৈ বতৰ মিলাই সময়ৰ কাম সময়ত কৰি থকা জনৰ সফলতা সদায় সকলোতকৈ আগত হয়।""

◾ৰেজিনা পাৰবিন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)