বিহু চাগে আহিল-অবিনাশ নাথ

Rinku Rajowar
0
দূৰণিত ৰৈ কুলিয়ে বিনাইছে
গছেও পাত সলাইছে
বিহু চাগে আহিল !
দূৰৈত ঢোলৰ গুমগুমণি
গছত ন-কুঁহিপাত
বিহু চাগে আহিল ।
ঢোলটি বজাই ভাল পাওঁ
পিছে বজাও কালৈ ?
ঢোলটি পিতো কাৰ বাবে
চেনেহী মোৰ কাষত নাই ।
কপৌ ফুলিছে ,
পিছে গুজিবলে খোপা নাই ,
বিহু চাগে আহিল
পিছে নাচনী মোৰ কাষত নাই ।

            ⚫কবিৰ পৰিচয়ঃ অবিনাশ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)