চ'ত মহীয়া আবেলি-যমুনা বৈশ্য

মনৰ কৰণিত
জোনাকৰ শব্দ বিচাৰি ,
চ'ত মহীয়া আবেলি
চঞ্চল মেঘে ;
বুকু খন ছানি ধৰিলে ।
আবেলিৰ ৰঙ বিচাৰি
হিয়াত অজস্ৰ লহৰ,
প্ৰেমৰ এসাগৰ সুখৰ নিদ্ৰা
সপোন বোৰে
দোলা দিয়েহি।
ৰাঙলী ডাৱৰৰ আঁৰে-আঁৰে
শব্দৰ খেলাত ;
নানা ৰঙৰ সমাহাৰ।
ৰ'দে বৰষুণে
প্ৰাপ্তিৰে বিচাৰে ;
জীৱন নদীৰ সোঁতত উটি
প্ৰকৃতিৰ বুকুলৈ আশাৰ
জীৱন গাঁথা ।

কবিৰ পৰিচয়ঃ যমুনা বৈশ্য,শুৱালকুছি

Post a Comment

Previous Post Next Post