সাধাৰণ জ্ঞান-কুইজ

©Admin
0
১) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।
২) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
উত্তৰ : হিউৱেন চাঙক।
৩) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?
উত্তৰ : তৰুণৰাম ফুকন।
৪) প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
উত্তৰ : ১৯৭৩ চনত।
৫) প্ৰশ্ন : ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ : বাবা চাহেব ভীমৰাও আম্বেদকাৰ (বি. আৰ. আম্বেদকাৰ)।
৬) প্ৰশ্ন : ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘযাত্ৰাৰ ৰেলখনৰ নাম কি?
উত্তৰ : হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।
৭) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কোন গ্ৰীকপ্পৰিব্ৰাজক ভাৰতলৈ আহিছিল?
উত্তৰ : মেগাস্থেনিছ।
৮) প্ৰশ্ন : দিল্লীৰ সিংহাসনত আৰোহণ কৰা প্ৰথম মহিলা কোন?
উত্তৰ : চুলতানা ৰেজিয়া।
৯) প্ৰশ্ন : আশোকৰ শিলালিপিত অধিক ব্যৱহৃত হোৱা লিপি দুটাৰ নাম কি কি?
উত্তৰ : ব্ৰাহ্মী আৰু খৰোস্থী লিপি।
১০) প্ৰশ্ন : কোনে ময়ুৰ সিংহাসন আৰু কহিনুৰ হীৰা ভাৰতৰ পৰা পাৰস্যলৈ নিছিল?
উত্তৰ : নাদিৰ চাহে।
১১) প্ৰশ্ন : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন আৰু কোন ৰাষ্টই ভেটো প্ৰদান কৰিব পাৰে?
উত্তৰ : পাঁচখন, আমেৰিকা, ৰাচিয়া, চীন, ইংলেণ্ড আৰু ফ্ৰান্স নামৰ ৰাষ্ট্ৰকেইখনে ভেটো প্ৰদান কৰিব পাৰে।
১২) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি?
উত্তৰ : উইলিয়াম হেনৰি গেটছ্‌।
১৩) প্ৰশ্ন : বিশ্বৰ সৰ্ববৃহৎ অনাতাঁৰ প্ৰতিষ্ঠান বি.বি.চি. ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন। (British Broadcasting Corporation)।
১৪) প্ৰশ্ন : সমগ্ৰ বিশ্বতে সুপৰিচিত আৰু প্ৰামানিকৰুপে স্বীকৃত বিশ্বকোষখনৰ নাম কি?
উত্তৰ : এনচাইক্লোপেডিয়া ব্ৰিটেইনিকা। (Encyclopedia Britannica)
১৫) প্ৰশ্ন : কাৰ দ্বাৰা কিমান চনত বিশ্ব বেংক (World Bank) প্ৰতিষ্ঠা কৰা হয়।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ দ্বাৰা, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত এই বেংক প্ৰতিষ্ঠা কৰা হয়?
১৬) প্ৰশ্ন : হোৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্ন হ’ল- হোৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু?
উত্তৰ : ইয়েল’ৰিভাৰ (Yellow River)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)