অবিবাহিত~চুটিগল্প-যমুনা বৈশ্য

©Admin
0
প্ৰৱেশিকা পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত পাছ কৰাৰ খবৰটো পাই মাজনীৰ বৰদেউতাকে দৰা লৈ ঘৰ পালেহি টাউনৰ পৰা । কাৰো কথা নুশুনি বাপেক নোহোৱা ছোৱালী বিয়াৰ পিছত পঢ়িব গুৱাহাটীৰ উকীল মানস বেজবৰুৱা লগত বিয়া বন্দৱস্ত কৰিলে ।মাজনীৰ বেজাৰত বিষাদৰ কুঁৱলীয়ে তাইক চাৰিওফালৰ পৰা হেঁচা মাৰি ধৰিলে । 
  মাজনীয়ে ভাবিলে ঘৰৰ অৱস্থা ভাল হ'লে মনত পুহি ৰখা সপোন বোৰ পুৰাব পাৰিলেহেতেন ? তাই মনৰ কথা কোনে শুনিব প্ৰিয় বান্ধৱী বৰ্ণালী বাহিৰে ভাবি থাকোতে বৰ্ণালীয়ে চিঞৰি চিঞৰি মাজনী বুলি মাতোতে তাই থোকাথুকি মাতেৰে হুক্‌হুকাই কান্দি ক'বলৈ ধৰিলে। অবিবাহিতৰে আমি কিয় থাকিব নোৱাৰো ঐ বৰ্ণালী ? মোৰ এতিয়াই বিয়াত বহিবৰ মন নাই। তুমি মোৰ প্ৰিয় বান্ধৱী বৰদেউতাক কোৱা গৈ যোৱা বিয়াত নবহো বুলি যোৱা না বৰ্ণালী । বৰ্ণালী নোৱাৰে সন্মুখত ক’বলৈ সাহস নাই তাইৰ ভয় লাগে । মাকৰ ওচৰলৈ গৈ ক'বলৈ গৈ কʼব নোৱাৰিলে চলচলীয়া চকুজুৰি দেখি তাইৰ বেয়া লাগিল । মাকে বৰ্ণালীৰ মূৰত হাত ফুৰাই দি ক'লে যা মাজনীক বুজাই কʼগৈ যা ছোৱালী হৈছ যেতিয়া এদিন নহয় এদিন যাব লাগিবই আনৰ ঘৰলৈ । অবিবাহিত হৈ থাকিব পাৰিব জানো ? তাই নিজকে চম্ভালিব পাৰিব লাগিব ।এনেকৈ অবুজন হʼলে নহ'ব নহয় মাকে চকুৰপানী মচি মচি ম্ৰিয়মান হৈ বাৰাণ্ডাতে বহি পৰিল ।

  ◾যমুনা বৈশ্য  
     শুৱালকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)