সময়ৰ সোঁত আৰু জীৱনৰ অনুভৱ - ৰশ্মি ভট্টাচাৰ্য

©Admin
0
সময়ৰ সোঁতত পৰিৱৰ্তন হয় মানুহৰ জীৱন পৰিক্ৰমা, যিদৰে ভটিয়নি সোঁতত নদীৰ দিশ সলনি হয়। সৰুৰে পৰা হাঁহি-ধেমালিকেই জীৱনৰ খেল বুলি ভাৱি থকা লৰাটোৱে জীৱনৰ বোজাত মুখৰ হাঁহিৰ পৰা বঞ্চিত হয়। সপোনৰ সৈতে চুপতি মৰা ছোৱালীজনীয়েও দায়িত্বৰ হেঁচাত নিজৰ সপোনবোৰ সূতা ছিঙি উৰি যোৱা চিলা এখনৰ দৰে উৰুৱাই দিয়ে। যিদৰে শৈশৱৰ উৎপতীয়া সময়ে আমাক ভৱিষ্যতৰ ৰঙীণ সপোনবোৰ দেখুৱাইছিল, আমাৰ মনবোৰত আশাৰ পোহাৰ মেলিছিল, আজিৰ বাস্তৱ সময়ে এই আশাবোৰক লৈ সন্দিহান হৈ পৰে। চকুৰ আগত ক'ত যৌৱনৰ হেপাহ ধ্বংস হোৱা দেখিছো, ক'ত জীৱন ভাঙি যোৱা ডালবোৰৰ দৰে ওলমিব ধৰাৰ খবৰ পাইছো,ভাবি ভয় লাগে। নতুনত্বৰ জোৱাৰত উটি-ভাহি নিজৰ শিপাক পাহৰিব খোজা ভৱিষ্যৎ প্ৰজন্মৰ অংশীদাৰ সকলক দেখি মনবোৰ সেমেকি উঠে। স্বপ্নৰ বাট খেদি হাতে হাতে বিফলতাৰ গধুৰ বোজাবোৰ কঢ়িয়াই ঘৰলৈ উভতা পখীজাকে স্বপ্নৰ অসম্পূৰ্ণতাৰ জাননী দিয়ে।আলিবাটত ৰৈ থকা মাতৃৰ উদং বুকুখনে অন্তৰৰ কোনোবাখিনিত চিৰিং কৈ কোব পাৰে।
আমি আশাবাদী। জীৱনক খোচ মৰা বাস্তৱিক কাঁইটৰ মাজত গোলাপ ফুলৰ সুবাস বিচাৰি যাবলৈ আমি সাজু। সময়বোৰ ভাল হওঁক। সপোনবোৰ ফুল হৈ ফুলক সকলোৰে জীৱনত। নদীৰ কোৱাল সোঁতৰ সৈতে উটি গ'লেও জীৱনটোৱে সেউজীয়া দ্বীপৰ সন্ধান পাওঁক। 
✴️লেখকৰ পৰিচয়- ৰশ্মিভট্টাচাৰ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)