ধাৰাবাহিক উপন্যাস - আৰ্তনাদ ৪ ৰ্থ খণ্ড - বিটুমনি কোঁছ

জীৱনৰ ইচ্ছা অনিচ্ছাক নিয়ন্ত্ৰণ কৰাৰ এটা অভ্যাস হৈ গৈছিল জীৱনৰ মাকৰ।বৰষুণ জাক চিপ চিপকৈ পৰিবলৈ আৰম্ভ কৰিছিল।অকনমানি ল'ৰা ছোৱালী কেইটামানে ৰাষ্টাত খেলি আছিল।

জীৱনৰ মাকে কনমানিকেইটাক লক্ষ্য কৰি ভাবিলে, সৰু ল'ৰা ছোৱালীৱে বতৰক লৈ কোনো ধৰণৰ ওজৰ আপত্তি নকৰে।ৰ'দ বৰষুণ, ঠাণ্ডা, গৰম ইত্যাদিক লৈ সিহঁতৰ কোনো অভিযোগ নাই।সকলো পৰিস্থিতিকেই সিহঁতে সহজ ভাবে গ্ৰহণ কৰে।বতৰে সিহঁতক তেতিয়ালৈকে প্ৰভাৱিত কৰিব নোৱাৰে।যেতিয়ালৈকে কোনোবাই নেতিবাচক মনোভাৱৰ মানুহে সিহঁতৰ মূৰত বতৰৰ বিষয়ে নেতিবাচক কথা সোমোৱাই নিদিয়ে।
ওচৰৰে বোৱাৰী মালবিকাই ল'ৰা ছোৱালী কেইটাক ঘৰলৈ মাতিবলৈ আহি জুমা -জুমি কৰি আছে।জীৱনৰ মাকক দেখি মুখখন ঘূৰাই দিছে।
বহু কথাৰ উত্তৰ মানুহজনীয়ে পাই গ'ল।

মালবিকা আমাৰ বোৱাৰীয়ে অলপ জিৰনি লৈছে।তুমি বোৱাৰীৰ বাবেই জুমা-জুমি কৰি থকা নাই জানোঁ।
জোকৰ মুখত যেন চূণ পৰিল।মালবিকাৰ কজলাবৰণীয়া মুখৰ ৰংটো জীৱনৰ মাকে মনতেই অনুভৱ কৰি ল'লে।

মালবিকাৰ নামটো শুনিয়েই বোৱাৰীয়েকে বিছনাৰ পৰা নামি আহি বাৰাণ্ডাত বহি থকা শাহুয়েকক সুধিলে, মালবিকা বৌ আহিছিল নেকি মা।

নাই অহা অ' ৰাষ্টাত খেলি থকা তাই ল'ৰা ছোৱালী কেইটা নিবলৈ আহিছিল।
বোৱাৰীয়েকে অকণমানো ৰৈ নাথাকিল।আকৌ ৰুমলৈ সোমাই গ'ল।
 
বাৰাণ্ডাত আৰামী বেঞ্চখনত বহি থকা জীৱনৰ মাকৰ গভীৰ নীৰৱ হুমুনিয়াহ এটা ওলাই আহিল।

বোৱাৰীয়ে আনৰ কথাত জীৱনৰ গতি সলনি কৰিব বিচাৰিছে।মই ইয়াৰ ব্যৱস্থা কৰিব লাগিব।জীৱনৰ মাকৰ বোৱাৰীৰ এষাৰ কথা চিৰিংকৈ মনত পৰিল।
জীৱন মোৰ ভাই ।সি পাগল হ'লেও কাকো একো অনিষ্ট নকৰে, যেতিয়া মই কিয় ভয় কৰিম।মোৰ নিজৰ ভাই বুলি সি বকি থাকিলে ,মই সহ্য কৰিম ।কিন্তু সময়ত ইঘৰ সিঘৰত ফুৰিবলৈ যোৱা বোৱাৰীয়েকে কেইদিনমানতেই যেন সাপৰ দৰে মোট সলালে।
এইয়া যেন জীৱনৰ ওপৰত নিয়তিৰ অকাৰণ প্ৰতিশোধ।

নিয়তিৰ এই প্ৰতিশোধ ৰোধ কৰিব জীৱনৰ মাকে।মনৰ মাজত সোমাই থকা এটা দুৰ্দান্ত সাহসেৰে জীৱন আগবঢ়াই নিয়া মানুহজনীয়ে উচাত মাৰি ভিতৰলৈ সোমাই গ'ল।আৰু ১০টকীয়া নোট এখন লৈ সৰুকণৰ দোকানলৈ ঢাপলি মেলিলে।

আগলৈ...

লেখকৰ পৰিচয়ঃ বিটুমণি কোঁছ

Post a Comment

Previous Post Next Post