নিজান নিস্তব্ধ গধূলি
যন্ত্ৰণাত ছটফটাই আছে
অভিমানী জনী...
জোনাকৰ পোহৰত
জিলিকি উঠিছে তাইৰ
বিষাদৰ প্ৰতিটোপাল চকুলো ।
অসহ্য বুকুৰ বিষত
তাই হুকহুকাই কান্দিছে
হাঁহিৰ গৰাকী অভিমানী জনীৰ
থিতাতেই আজি
হাঁহি হেৰাই গ'ল ।
যন্ত্ৰণাৰ নৈখনি বুকুয়েদি
নিৰৱধি বৈ গৈছে
আনে কেতিয়াও নেদেখা
তাইৰ ক্লান্ত পৃথিৱীখনত
তাই নিৰৱে বিচৰণ কৰে
য'ত কেৱল তাইৰ
স্বাভিমান সীমাবদ্ধ হৈ থাকে ।
তাইৰ অভিমানী হৃদয়ে
প্ৰতি ক্ষণতে উচুপি উঠে
বাস্তৱ জীৱনৰ নিসংগতাৰ
ক্ষণবোৰৰ সন্মুখীন হ'লে ।