আপুনি - প্ৰাঞ্জল সন্দিকৈ

Aditi Tanti
0
কত সপোনবোৰৰ আঁৰত
আপুনি লুকাই থাকে
প্ৰণয়ৰ এধাৰি মালা গাঁঠি ,
হয়তো মই নজনাকৈয়ে !
ভাল পাওঁ আপোনাক
অজস্ৰ সপোনৰ আঁৰত ,
আপোনাক সজতনে ৰাখিছোঁ
সাঁচতীয়া অনুভৱবোৰৰ মাজত ।
আপুনি হয়তো নাজানে
আপোনাৰ প্ৰতি ভালপোৱা কিমান ?
সেইয়া হয়তো মইয়ো প্ৰকাশ কৰিব নোৱাৰোঁ
আপোনাৰ প্ৰতি ভালপোৱাৰ গভীৰতা কিমান !
জোনাক নিশা ৰাতিবোৰ
উজাগৰে পাৰ কৰোঁ
সপোনৰ পম খেদি ,
কিজানিবা একাঁজলি মৰমে কৰেইবা
আপোনজনৰ সমভাগী ।
তথাপিও নিৰাশ নহওঁ মই
আপোনাক বিচাৰি !
কিয়নো হৃদয়ৰ গভীৰ কোণত
কেৱল আপোনাৰ বাতৰি ।


প্ৰাঞ্জল সন্দিকৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)