পৰ্যটন আৰু ইয়াৰ যাতায়তৰ ব্যৱস্থা, পেকেজ টুৰ -ড° মৃদুল চন্দ্ৰ শৰ্মা

Aditi Tanti
0
অসম তথা উত্তৰ-পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰৰ এক অতি সম্ভাৱনা থকা অঞ্চল। কিন্তু সুপৰিকল্পিত আঁচনিৰ অভাৱত গা কৰি উঠিব পৰা নাই । পৰ্যটন ক্ষেত্ৰ বিলাকেও দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ গঢ়লৈ উঠা পৰিলক্ষিত হোৱা নাই । কিন্তু সুপৰিকল্পিত ব্যৱস্থাৰ দ্বাৰা ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহে সীমিত পৰ্যটন স্থলীৰ দ্বাৰাই উচ্চ শিখৰত আৰোহণ কৰিছে। 

সু পৰিকল্পিত যাতায়াত ব্যৱস্থা পৰ্যটন ক্ষেত্ৰৰ মেৰুদণ্ড আখ্যা দিব পাৰি। অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত সীমিত উৎসাহী লোকৰ প্ৰয়াসত কিছু উন্নতি পৰিলক্ষিত হয় । এইক্ষেত্ৰত কয়েলি ট্ৰেভেলচ্ অতি পুৰণি আগৰণুৱা অনুষ্ঠান । ব্লু_হিলচ্, গ্ৰীণভেলী ট্ৰেভেলচ্ আদি পৰ্যটনৰ নামত গঢ় ল'লেও সাধাৰণ যাত্ৰীবাহী বাছ ৰূপেহে চলি আছে। ইয়াৰ উপৰিও অন্য বহুতো ব্যক্তিগত উদ্যোগী আগবাঢ়ি আহিছে ।‌ উদাহৰণস্বৰূপে অসমৰ পৰ্যটন ক্ষেত্ৰৰ নাভিকেন্দ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অসমত পৰ্যাপ্ত যাতায়ত ব্যৱস্থাৰ অভাৱ। ইচ্ছুক পৰ্যটকে ভাড়াত লোৱা বাহন, ব্যক্তিগত বাহন অথবা অনান্য বাহনৰ সহায় ল'ব লগা হয় । এইক্ষেত্ৰত একান্ত কাজিৰঙা ভ্ৰমণৰ বাহন অসমৰ যিকোনো ঠাইৰ পৰা অভাৱ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে সমীপৱৰ্তী যোৰহাট চহৰৰ পৰা কাজিৰঙা ভ্ৰমণৰ পেকেজ টুৰ আদি আজিকুপতি উপলব্ধ নথকাত বহুত ইচ্ছুক লোকে কাজিৰঙা দৰ্শনৰ পৰা বঞ্চিত হ'ব লগা হৈছে। মোৰ ‌যিমান‌ দূৰ মনত আছে আজি ৪-৫ দশকৰ পূৰ্বে যোৰহাটৰ পৰা কাজিৰঙা দৰ্শনৰ বাবে তৰাজান পুলৰ ওচৰৰ পৰা গাড়ী চলিছিল। এইক্ষেত্ৰত এটা ডাঙৰ অভাৱ পূৰ কৰিবলৈ কিছু উদ্যোগী আগবাঢ়ি অহাতো অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা পৰ্যটন উদ্যোগ ক্ষেত্ৰৰ বিকাশ হোৱাৰ লগতে স্বাৱলম্বিতাৰ উত্তৰণ ঘটিব । কাজিৰঙা টুৰ পেকেজৰ লগত সমীপবৰ্তী কাকচাংজলপ্ৰপাত, নুমলিগড়,দেওপাহাৰ আদি সাঙুৰি ল'ব পাৰি । জীপ চাফাৰী, খাদ্য আদি সুসংঘবদ্ধ ব্যৱস্থাৰ দ্বাৰা এনে টুৰ পেকেজে অসমৰ পৰ্যটন ক্ষেত্ৰৰ আমূল পৰিবৰ্তন কৰিব পাৰে ।‌ কাজিৰঙাৰ দৰে অসমৰ বিপুল পৰ্যটন ক্ষেত্ৰক এইদৰে উৎকৰ্ষ সাধন কৰিব পাৰি। অসম চৰকাৰৰ পৰ্যটন বিভাগে এনে উদ্যোগী সকলক আৰ্থিক তথা অন্যান্য সা-সুবিধা প্ৰদান কৰা নিত্যান্তই আৱশ্যক ‌।

ড° মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)