সতী সাধনী -যদুমণি গগৈ

Aditi Tanti
0
ধীৰ নাৰায়ণৰ কন্যা তুমি
চুতীয়া জাতিৰ বীৰাংগনা নাৰী
ৰাণী সাধনী নামে প্ৰখ্যাত
প্ৰথম মহিয়সী বীৰ যোদ্ধা
সমগ্ৰ এছিয়াতে বিখ্যাত ।
নিতাই গৰখীয়া
নীতিপাল নামে পৰিচিত
কাড়ি বিদ্যাত উজা
অৰ্ধাঙ্গিনী ৰাণী সাধনী
চুতীয়া জোৱাঁই ৰজা ।
আহোম ৰজাৰ টেঙৰালী
চল-চাতুৰিৰে প্ৰতিশোধৰ অতপালি
লতাকাটি কুণ্ডিল পৰ্বত বগাই
চুতীয়া শতৰু গুপুতে খহাই
নীতিপালৰ স'তে সাধক নাৰায়ণক
বন্দী কৰি দিলে প্ৰাণদণ্ড
দেউঘৰৰ দুৱাৰ দলিত
পুতি থলে দুটি মুণ্ড ।
আই ৰাণী সাধনী
শত্ৰুৰ হাতে সমাপন নকৰি
মৃত্যুৱে শ্ৰেয় বুলি চন্দনগিৰি
শিখৰত উঠি কুবেৰৰ সম্পত্তি
ঢাল-তৰোৱাল সোণৰ মেকুৰী
বুকুত সাৱটি প্ৰাণবিসৰ্জন দিলে
কুণ্ডিল নদীত ।
স্বদেশ প্ৰেমৰ সন্মান বোধেৰে
সতীত্ব ৰক্ষাৰে ত্যাগীলে নিজকে ।
সাত শতৰু হাতে নমৰো বুলি
ভয়াবহ মৃত্যুক ল'লে সাৱটি ।  
স্বদেশ স্বজাতি দেশপ্ৰেম
দুৰ্লভ নিৰ্দশন চুতীয়া জাতিৰ
ৰৈ গ'ল জ্বলন্ত উদাহৰণ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)